জালুকবাৰী, চেন্ট্ৰেল গুৱাহাটী, নিউ গুৱাহাটী, দিছপুৰ আৰু ডিমৰীয়া সমষ্টিৰ বাবে মনোনয়ন দাখিল হৈছে
অসম বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগে গুৱাহাটীত ৰাজনৈতিক যুঁজ তীব্ৰতৰ হৈ পৰিছে । মহানগৰখনৰ পাঁচটা গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টিৰ বাবে বিভিন্ন দলৰ মুঠ ২৬ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে । শীৰ্ষ নেতা, দলীয় হাই প্ৰফাইল নেতাৰ নাম আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ উত্থানে গুৱাহাটীত এক প্ৰবল প্ৰতিদ্বন্দিতামূলক নিৰ্বাচনী পৰিৱেশৰ ইংগিত দিছে ।
জালুকবাৰী, চেন্ট্ৰেল গুৱাহাটী, নিউ গুৱাহাটী, দিছপুৰ আৰু ডিমৰীয়া সমষ্টিৰ বাবে মনোনয়ন দাখিল হৈছে । প্ৰতিটো সমষ্টিতে হ’বলগীয়া বহুমুখী প্ৰতিদ্বন্দিতাই ৰাজ্যখনৰ সামগ্ৰিক নিৰ্বাচনী যুঁজত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে । ৩৭ নম্বৰ জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টিৰ টিকটত প্ৰতিদ্বন্দিতা কৰিছে । আনহাতে, কংগ্ৰেছে বিদিশা নেওগক আৰু বিএপিয়ে দীপিকা দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
৩৬ নম্বৰ চেন্ট্ৰেল গুৱাহাটী সমষ্টিত ৬টা ৰাজনৈতিক দল আৰু এজন নিৰ্দলীয় প্ৰাৰ্থীৰ মাজত যুঁজ হ’ব । বিজেপিৰ বিজয় কুমাৰ গুপ্তাই অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰী, আম আদমী পাৰ্টিৰ অনুৰূপা ডেকাৰাজা, বিএপিৰ প্ৰবীণ জ্যোতি কলিতা, সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ অভিজিৎ মজুমদাৰ আৰু অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ বিপুল দেৱনাথৰ পৰা প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব । ইয়াৰ উপৰিও নিৰ্দলীয় প্ৰাৰ্থী অচ্যুৎ কলিতাই প্ৰতিযোগিতাখন অধিক তীব্ৰ কৰি তুলিছে ।
৩৫ নম্বৰ নিউ গুৱাহাটী সমষ্টিত পাঁচকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে । এই সমষ্টিত বিজেপিয়ে দিপ্লু ৰঞ্জন শৰ্মা আৰু কংগ্ৰেছে শান্তনু বৰাক প্ৰক্ষেপ কৰিছে । আপ-এ আদিত্য গগৈক আৰু গণ সুৰক্ষা পাৰ্টিয়ে (জিএছপি) চিন্ময়ী ভূঞাক প্ৰাৰ্থিত্ব দিছে । নিৰ্দলীয় প্ৰাৰ্থী হিচাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কুশল কুমাৰ শৰ্মাই ।
৩৩ নম্বৰ দিছপুৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামী আৰু বিজেপি প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ মাজত পোনপটীয়া ৰাজনৈতিক যুঁজ দেখা গৈছে । আপ-এ বল্লভ পাত্ৰক প্ৰক্ষেপ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ দাস আৰু আয়ুষ কুমাৰ সিঙেও মনোনয়ন দাখিল কৰি প্ৰতিযোগিতাখন জটিল কৰি তুলিছে ।
আনহাতে, ৩৪ নম্বৰ ডিমৰীয়া সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী তপন দাস আৰু কংগ্ৰেছ মনোনীত কিশোৰ কুমাৰ বৰুৱাৰ মাজত নিৰ্বাচনী যুঁজ হ’ব । এই দৌৰত চাৰিজন নিৰ্দলীয় প্ৰাৰ্থী— নিতুল দাস, ভাস্কৰজ্যোতি শইকীয়া, প্ৰতিভা দাস আৰু কাবেৰী দাসে অংশগ্ৰহণ কৰি নিৰ্বাচনী যুঁজখনক অধিক জটিল কৰি তুলিছে ।
উল্লেখ্য য়ে, মনোনয়ন পৰ্ব সমাপ্ত হোৱাৰ পিছত এতিয়া ২৪ মাৰ্চত পত্ৰসমূহ পৰীক্ষা কৰা হ’ব আৰু ২৬ মাৰ্চ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন । নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি অসমত ৯ এপ্ৰিলত এটা পৰ্যায়ত ভোটদান অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ভোটগণনা হ’ব ।
লগতে পঢ়ক : নিৰ্বাচনী শক্তি প্ৰদৰ্শনেৰে অন্তিম দিনটোত বহু হেভীৱেইট প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন









