শিৱসাগৰৰ নিৰ্বাচনী ৰণত প্ৰৱেশ কুশল দুৱৰীৰ, দাখিল কৰিলে মনোনয়ন

শিৱসাগৰৰ নিৰ্বাচনী ৰণত প্ৰৱেশ কুশল দুৱৰীৰ, দাখিল কৰিলে মনোনয়ন

ৱসাগৰ বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচনী ৰণত প্ৰৱেশ কৰা কুশল দুৱৰীয়েও আজি দাখিল কৰে মনোময়ন পত্ৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন । অন্তিম দিনটোত বিজেপিৰ কেইবাজনো হেভীৱেইট প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন । ইয়াৰ মাজতে শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচনী ৰণত প্ৰৱেশ কৰা

ৱসাগৰ বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচনী ৰণত প্ৰৱেশ কৰা কুশল দুৱৰীয়েও আজি দাখিল কৰে মনোময়ন পত্ৰ

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন । অন্তিম দিনটোত বিজেপিৰ কেইবাজনো হেভীৱেইট প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন । ইয়াৰ মাজতে শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচনী ৰণত প্ৰৱেশ কৰা কুশল দুৱৰীয়েও আজি দাখিল কৰে মনোময়ন পত্ৰ । সহস্ৰাধিক সমৰ্থকৰ উপস্থিতিত শিৱসাগৰৰ আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে প্ৰাৰ্থীগৰাকীয়ে ।

বহু দিনৰ জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপিয়ে শিৱসাগৰ সমষ্টিৰ পৰা কুশল দুৱৰীক প্ৰক্ষেপ কৰে । ইয়াৰ পূৰ্বে এনডিএ মিত্ৰজোঁটে এই আসনখন অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক এৰি দিছিল যদিও অৱশেষত বিজেপিয়ে দুৱৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰে । কুশল দুৱৰীয়ে তেওঁৰ প্ৰতি থকা সমৰ্থনৰ বাবে দলীয় নেতৃত্ব আৰু সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে আৰু আগন্তুক নিৰ্বাচনৰ বাবে নিজৰ জয়ক লৈ আশাবাদী বুলি জনায় ।

ইফালে ডিমৌ সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে । ডিমৌৰ পৰা শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ সহস্ৰাধিক সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰে প্ৰাৰ্থীগৰাকীয়ে ।

সংবাদ মাধ্যমৰ আগত সুশান্ত বৰগোহাঁয়ে জনসাধাৰণৰ সঁহাৰিত অভিভূত হোৱা বুলি উল্লেখ কৰি কয় যে তেওঁ পূৰ্বৰ কোনো নিৰ্বাচনতে এনে সমৰ্থন দেখা নাছিল । বিগত নিৰ্বাচনতকৈ এইবাৰ অধিক ভোটত জয়ী হ’ব বুলি তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে আৰু এইবাৰ তেওঁৰ মূল প্ৰতিদ্বন্দ্বী হিচাপে অজয় গগৈৰ নাম উল্লেখ কৰে । তেওঁ লগতে কয় যে দলীয় ৰাজনীতিত কেতিয়াবা সংগঠনৰ স্বাৰ্থত প্ৰাৰ্থীসকলে মিত্ৰতাৰ মাজতো প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’বলগীয়া হয় ।

লগতে পঢ়ক : ‘বিধায়ক হ’বলৈ মাতটো মিহি হ’ব লাগিব জোঙা হ’লে নহ’ব’; জ্ঞানশ্ৰী বৰাক কটাক্ষ ৰূপজ্যোতি কুৰ্মীৰ

শেহতীয়া প্ৰৱন্ধসমূহ