‘এয়া আমাৰ অধিকাৰ...’; হৰমুজ প্ৰণালীত ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

‘এয়া আমাৰ অধিকাৰ…’; হৰমুজ প্ৰণালীত ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

ট্ৰাম্পে হৰমুজ প্ৰণালীক লৈ সকীয়নি দিয়াৰ পিছটো ভয় খোৱা নাই ইৰাণে। ইৰাণে এইবাৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা কিছুমান বিশেষ জাহাজৰ পৰা ২০ লাখ ডলাৰ (প্ৰায় ১৮.৮ কোটি ₹)কৰ সংগ্ৰহ কৰাৰ সিদ্ধান্ত লৈছে। মধ্যপ্ৰাচ্যত দিনে দিনে বৃদ্ধি পাইছে উত্তেজনা। ইৰাণে এতিয়া হৰমুজ প্ৰণালীৰ মাজেৰে

ট্ৰাম্পে হৰমুজ প্ৰণালীক লৈ সকীয়নি দিয়াৰ পিছটো ভয় খোৱা নাই ইৰাণে। ইৰাণে এইবাৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা কিছুমান বিশেষ জাহাজৰ পৰা ২০ লাখ ডলাৰ (প্ৰায় ১৮.৮ কোটি ₹)কৰ  সংগ্ৰহ কৰাৰ সিদ্ধান্ত লৈছে।

মধ্যপ্ৰাচ্যত দিনে দিনে বৃদ্ধি পাইছে উত্তেজনা। ইৰাণে এতিয়া হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা কিছুমান বিশেষ জাহাজৰ পৰা ২০ লাখ ডলাৰ (প্ৰায় ১৮.৮ কোটি ₹) টোল কৰ  সংগ্ৰহ কৰাৰ সিদ্ধান্ত লৈছে।এই পদক্ষেপ বিশ্ব জাহাজৰ এই গুৰুত্বপূৰ্ণ পথটোৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ প্ৰদৰ্শনৰ বাবে ইৰাণে গ্ৰহণ কৰিছে।

ইৰাণী সংসদৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ সদস্য আলায়েদ্দিন বৰৌজাৰ্ডিয়ে কয় যে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হোৱা কিছুমান জাহাজৰ ওপৰত ২০ লাখ ডলাৰৰ  নতুন টোল আৰোপ কৰা হৈছে, ইতিমধ্যে ইয়াক কাৰ্যকৰী কৰা হৈছে।তেওঁ কয় যে এই পদক্ষেপে দশক দশক ধৰি এই জলদ্বীপত ইৰাণৰ অধিকাৰ প্ৰদৰ্শন কৰে।

বৰৌজৰ্দীয়ে কয় যে, ‘কিছুমান বিশেষ জাহাজৰ পৰা ২০ লাখ ডলাৰৰ টোল সংগ্ৰহ কৰাটোৱে ইৰাণৰ শক্তি প্ৰদৰ্শন কৰে। কাৰণ এতিয়া যুদ্ধৰ খৰচ বৃদ্ধি পাইছে,গতিকে আমি এই কামটো প্ৰয়োজনীয় বুলি বিবেচনা কৰোঁ।হৰমুজ জলদ্বীপৰ মাজেৰে পাৰ হৈ যোৱা জাহাজৰ পৰা ট্ৰেনজিট মাচুল সংগ্ৰহ কৰিলে ইছলামিক ৰিপাব্লিকৰ ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদৰ্শন হ’ব’।

লগতে পঢ়ক: ‘যদি আমাৰ শক্তি কেন্দ্ৰক আক্ৰমণ কৰা হয়,তেন্তে বন্ধ কৰি দিয়া হ’ব হৰমুজ প্ৰণালী’; ট্ৰাম্পৰ ধমকীৰ পিছতে ইৰাণৰ প্ৰত্যুত্তৰ

শেহতীয়া প্ৰৱন্ধসমূহ