'৬০ বছৰ বয়সলৈকে খেলিব পাৰিম'; আই পি এলৰ পৰা অৱসৰৰ সন্দৰ্ভত ধোনীয়ে প্ৰকাশ কৰিলে পৰিকল্পনা

আই পি এলৰ পৰা অৱসৰ সন্দৰ্ভত ধোনীয়ে প্ৰকাশ কৰিলে পৰিকল্পনা

আই পি এল ২০২৬ সন্দৰ্ভত অনুৰাগীৰ মাজত উৎসাহ বৃদ্ধি পাইছে। ইফালে দেওবাৰে চেন্নাই ছুপাৰ কিংছৰ উদ্যোগৰ এক অনুষ্ঠান এম এছ ধোনীয়ে অৱসৰৰ সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে। আই পি এলৰ ১৯ সংখ্যক ছিজন আৰম্ভ হোৱাৰ পূৰ্বে দেওবাৰে চেন্নাই ছুপাৰ কিংছৰ উদ্যোগত এক অনুষ্ঠানৰ আয়োজন কৰা হয়।

আই পি এল ২০২৬ সন্দৰ্ভত অনুৰাগীৰ মাজত উৎসাহ বৃদ্ধি পাইছে। ইফালে দেওবাৰে চেন্নাই ছুপাৰ কিংছৰ উদ্যোগৰ এক অনুষ্ঠান এম এছ ধোনীয়ে অৱসৰৰ সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে।

আই পি এলৰ ১৯ সংখ্যক ছিজন আৰম্ভ হোৱাৰ পূৰ্বে দেওবাৰে চেন্নাই ছুপাৰ কিংছৰ উদ্যোগত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানটোত এম এছ ধোনীয়ে পুনৰবাৰ এটা বক্তব্য আগবঢ়ায়,যিয়ে অনুৰাগীৰ মাজত উৎসাহ বৃদ্ধি কৰিছে। ৪৪ বছৰীয়া ধোনীয়ে ধেমালীতে কয় যে, তেওঁ ৬০ বছৰলৈকে আই পি এল খেলিব পাৰিব।

দেওবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত চি এছ কে অনুৰাগী অনুষ্ঠানৰ সময়ত অভিনেতা শিৱকৰ্থকেয়ানে ধোনীক ধেমালিতে মন্তব্য কৰে যে তেওঁ অৱসৰৰ কথাবোৰ আওকাণ কৰি পৰা লৈকে খেলি থাকিব লাগে। ইয়াৰ উত্তৰত ধোনীয়ে হাঁহি হাঁহি কয় যে, কঠিন হ’ব…কিন্তু চেষ্টা কৰিব পাৰিম। এই ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।   

লগতে পঢ়ক: পি এছ এল এৰি আই পি এলত আশ্ৰয় দাসুন শানাকাৰ; খঙত অগ্নিশৰ্মা মহছিন নাকভি

শেহতীয়া প্ৰৱন্ধসমূহ