ইজৰাইলৰ দক্ষিণৰ ডিমোনা চহৰত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত কমেও ৪৭ জন লোক আহত হয়
শনিবাৰে গভীৰ নিশা ইজৰাইলৰ দুখন চহৰত বৃহৎ ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায় ইৰাণে । ইজৰাইলৰ দক্ষিণৰ ডিমোনা চহৰত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত কমেও ৪৭ জন লোক আহত হয় । একে সময়তে ইজৰাইলৰ দক্ষিণৰ আৰাদ চহৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ৫০ জনতকৈ অধিক লোক আহত হয় বুলি বাতৰিত প্ৰকাশ ।
এই আক্ৰমণৰ পিছতে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে জৰুৰীকালীন সাহায্য আৰু উদ্ধাৰ বাহিনীক অধিক শক্তিশালী কৰি তুলিছে বুলি কয় । ইজৰাইলৰ সংবাদ মাধ্যমৰ মতে আৰাদ আক্ৰমণত আহতসকলৰ ভিতৰত ছয়জনৰ অৱস্থা সংকটজনক । নেতানিয়াহুৱে কয় যে, “আমাৰ ভৱিষ্যতৰ যুঁজখনত এইটো এটা অতি কঠিন নিশা । আমি প্ৰতিটো ফ্ৰণ্টতে আমাৰ শত্ৰুক আক্ৰমণ অব্যাহত ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।”
মধ্যপ্ৰাচ্যৰ সংঘাতত ইৰাণে প্ৰথমবাৰৰ বাবে ইজৰাইলৰ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি লৈছে । ইৰাণে ইজৰাইলৰ নাটাঞ্জ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ কৰাৰ কেইঘণ্টামান পিছতে এই আক্ৰমণ সংঘটিত হৈছে । তাৎপৰ্যপূৰ্ণভাৱে মধ্যপ্ৰাচ্যৰ সংঘাতে চতুৰ্থ সপ্তাহৰ আৰম্ভণিতে এক বিপজ্জনক মোৰ লৈছে ।
ইজৰাইলৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ গৃহ ডিমোনাক “লিটিল ইণ্ডিয়া” বুলিও কোৱা হয় । এই আক্ৰমণৰ ফলত স্থানীয় জনসাধাৰণৰ মাজত শংকা আৰু উদ্বিগ্নতাৰ সৃষ্টি হৈছে । উদ্ধাৰ সেৱাই জনোৱা মতে আহতসকলৰ ভিতৰত শিশু আৰু মহিলাও আছে । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
লগতে পঢ়ক : মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতি পেজেস্কিয়ানৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ









