হৰমুজ পাৰ হৈ ৰন্ধন গেছ কঢ়িয়াই অনা দুখনকৈ জাহাজ ভাৰতত আহি উপস্থিত হৈছে
যুদ্ধৰ বাবে ভয়াৱহ পৰিস্থিতিৰ কৱলত পৰিছে মধ্যপ্ৰাচ্য । ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ মাজত যুদ্ধ হোৱা যুদ্ধই শেহতীয়াকৈ পুনৰ জটিল ৰূপ ধাৰণ কৰিছে । এই যুদ্ধৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ পৰিছে হৰমুজ প্ৰণালীত, যি সাগৰীয় পথেৰে বিশ্বৰ ২০ শতাংশ তেল আৰু গেছ পাৰ হয় ।
ইৰাণে এই পথেৰে পাৰ হোৱা যিকোনো জাহাজ আক্ৰমণ কৰাৰ ভাবুকি দিছে । সেইবাবে এই প্ৰণালীত আবদ্ধ হৈ আছে শ শ এল পি জি আৰু খাৰুৱা তেল পৰিবাহী জাহাজ । ভাৰতৰ কেইবাখনো জাহাজ এই প্ৰণালীত আৱদ্ধ হৈ পৰিছে ।
ইয়াৰ মাজতে ভাৰতে ইৰাণৰ সৈতে শক্তিশালী কূটনৈতিক সম্পৰ্ক প্ৰদৰ্শন কৰিছে । ইতিমধ্যে ইৰাণে অনুমতি দিয়াৰ পাছত হৰমুজ পাৰ হৈ ৰন্ধন গেছ কঢ়িয়াই অনা দুখনকৈ জাহাজ ভাৰতত আহি উপস্থিত হৈছে । ইফালে দেওবাৰে পুৱা ভাৰতৰ মাংগালুৰু বন্দৰত উপস্থিত হয় আন এল পি জি টেংকাৰ Pyxix Pioneer ।
কেৱল এয়াই নহয় । ২৫ মাৰ্চত এপ’ল’ আছিয়ানে ভাৰতীয় তেল আৰু ভাৰত পেট্ৰলিয়ামৰ বাবে ২৬,৬৮৭ টন গেছ কঢ়িয়াই আনিব । ইফালে এইচ পি চি এলৰ বাবে ২৯ মাৰ্চত আমেৰিকাৰ পৰা ৩০ হাজাৰ টন গেছ লৈ আন এখন জাহাজ আহিব । অৰ্থাৎ এই সপ্তাহতে কেৱল মাংগালুৰুলৈ ৭২,৭০০ টনতকৈ অধিক ৰন্ধন গেছ আহিব । এই খবৰে ভাৰতৰ লক্ষ লক্ষ এল পি জি গ্ৰাহকক সকাহ প্ৰদান কৰিছে ।
লগতে পঢ়ক : মহাযুদ্ধৰ জুই! ইৰানৰ মিছাইল আক্ৰমণত কঁপিল আমেৰিকা-ব্ৰিটেইন









