উত্তৰ প্ৰদেশৰ বাৰাণসীত গংগা নদীৰ মাজত ইফতাৰ পাৰ্টি অনুষ্ঠিত কৰা ১৪ জন মুছলমান যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এদল যুৱকে ইফতাৰ পাৰ্টিৰ চিকেন বিৰিয়ানী খাই গংগা নদীত হাড় পেলাইছিল।
বাৰাণসী আৰক্ষীয়ে মঙলবাৰে গংগা নদীত সন্ধিয়া পঞ্চগংগা ঘাটৰ সমীপত নাৱত উঠি ইফটাৰ পাৰ্টি আয়োজন কৰাৰ অভিযোগত ১৪ জনকৈ মুছলমান যুৱকক গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে উল্লেখ কৰিছে যে এই মুছলমান যুৱক কেইজনে চিকেন বিৰিয়ানী খাই বাকী থকা খাদ্য নদীত পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে।
বাৰাণসীৰ সহকাৰী আৰক্ষী আয়ুক্ত বিজয় প্ৰতাপ সিঙে কয় যে- ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ৰ ভিত্তিত আৰক্ষীয়ে ২০ বছৰীয়া ১৪ জন মুছলমান যুৱকক চিনাক্ত কৰি জিম্মাত লৈছে।তেওঁ উল্লেখ কৰে যে তেওঁলোক আটাইকেইজন স্থানীয় বাসিন্দা।

আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে অভিযুক্তই গংগা নদীত এখন নাৱত ইফতাৰ পাৰ্টীৰ আয়োজন কৰিছিল। ইফটাৰৰ পিছত বাকী থকা চিকেন বিৰিয়ানীখিনি গংগা নদীত পেলাই দিয়ে। সামাজিক মাধ্যমত যুৱক কেইজনে শ্বেয়াৰ কৰা এটা ৰীলত সেই কথা দেখিবলৈ পোৱা গৈছিল। সামাজিক মাধ্যমত এই ভিডিঅ’টো তীব্ৰগতিত ভাইৰেল হৈ পৰে।তাৰ পিছতেই যুৱক কেইজনৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ গোচৰ ৰুজু কৰা হয়।
ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত ভাৰতীয় জনতা যুৱ মৰ্চাৰ মহানগৰ সভাপতি ৰজত জয়ছৱালে কোটোৱালি থানাত লিখিত অভিযোগ দাখিল কৰা হয়।বিষয়টোৰ ভয়াৱহতা বিবেচনা কৰি ২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে।
লগতে পঢ়ক: চিকিৎসালয়ত আক্ৰমণ কাপুৰুষোচিত কাৰ্যঃ পাকিস্তানক কঠোৰ নিন্দা ভাৰতৰ









