গংগা নদীত চিকেন বিৰিয়ানীৰে ইফতাৰ পাৰ্টী; ১৪ জন মুছলমান যুৱকক গ্ৰেপ্তাৰ

উত্তৰ প্ৰদেশৰ বাৰাণসীত গংগা নদীৰ মাজত ইফতাৰ পাৰ্টি অনুষ্ঠিত কৰা ১৪ জন মুছলমান যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এদল যুৱকে ইফতাৰ পাৰ্টিৰ চিকেন বিৰিয়ানী খাই গংগা নদীত হাড় পেলাইছিল।

বাৰাণসী আৰক্ষীয়ে মঙলবাৰে গংগা নদীত সন্ধিয়া পঞ্চগংগা ঘাটৰ সমীপত নাৱত উঠি ইফটাৰ পাৰ্টি আয়োজন কৰাৰ অভিযোগত ১৪ জনকৈ মুছলমান যুৱকক গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে উল্লেখ কৰিছে যে এই মুছলমান যুৱক কেইজনে চিকেন বিৰিয়ানী খাই বাকী থকা খাদ্য নদীত পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে।

বাৰাণসীৰ সহকাৰী আৰক্ষী আয়ুক্ত বিজয় প্ৰতাপ সিঙে কয় যে- ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ৰ ভিত্তিত আৰক্ষীয়ে ২০ বছৰীয়া ১৪ জন মুছলমান যুৱকক চিনাক্ত কৰি জিম্মাত লৈছে।তেওঁ উল্লেখ কৰে যে তেওঁলোক আটাইকেইজন স্থানীয় বাসিন্দা।

আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে অভিযুক্তই গংগা নদীত এখন নাৱত ইফতাৰ পাৰ্টীৰ  আয়োজন কৰিছিল। ইফটাৰৰ পিছত বাকী থকা চিকেন বিৰিয়ানীখিনি গংগা নদীত পেলাই দিয়ে। সামাজিক মাধ্যমত যুৱক কেইজনে শ্বেয়াৰ কৰা এটা ৰীলত সেই কথা দেখিবলৈ পোৱা গৈছিল। সামাজিক মাধ্যমত এই ভিডিঅ’টো তীব্ৰগতিত ভাইৰেল হৈ পৰে।তাৰ পিছতেই যুৱক কেইজনৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ গোচৰ ৰুজু কৰা হয়।

ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত ভাৰতীয় জনতা যুৱ মৰ্চাৰ মহানগৰ সভাপতি ৰজত জয়ছৱালে কোটোৱালি থানাত লিখিত অভিযোগ দাখিল কৰা হয়।বিষয়টোৰ ভয়াৱহতা বিবেচনা কৰি ২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে। 

লগতে পঢ়ক: চিকিৎসালয়ত আক্ৰমণ কাপুৰুষোচিত কাৰ্যঃ পাকিস্তানক কঠোৰ নিন্দা ভাৰতৰ

মাজ আকাশতে ইণ্ডিগো বিমানত অঘটন; বাৰাণসীত জৰুৰী অৱতৰণ

মাজ আকাশতে ইণ্ডিগো বিমানত অঘটন

মাজ আকাশতে ইণ্ডিগো বিমানত পুনৰ সংঘটিত হৈছে আন এক অঘটন । ইণ্ডিগোৰ কলকাতা-শ্ৰীনগৰ বিমান ‘6E-6961’ বুধবাৰে বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইন্ধনৰ টেংকি লিক হোৱাৰ বাবে জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলগীয়া হয় । বাৰাণসী আৰক্ষীয়ে কয় যে, “বিমানত থকা ১৬৬ জন যাত্ৰী আৰু ক্ৰুক নিৰাপদে উলিয়াই অনা হৈছে । বিমানবন্দৰৰ বিষয়াসকলে এই কাণ্ডৰ তদন্ত কৰি আছে । পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু বিমানবন্দৰত স্বাভাৱিক কাম-কাজ পুনৰ আৰম্ভ হৈছে ।”

বাৰাণসী আৰক্ষীয়ে এক বিবৃতিত কয়, ‘গোমটি জ’নে জাৰি কৰা তথ্যৰ ভিত্তিত ২২ অক্টোবৰত কলকাতাৰ পৰা শ্ৰীনগৰলৈ যোৱা ইণ্ডিগো এয়াৰলাইন্সৰ ‘6E-6961’ নম্বৰৰ বিমানত ইন্ধন লিক হোৱা সন্দৰ্ভত অভিযোগ পোৱা গৈছিল । সন্ধিয়া ৬:১০ বজাত বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে বিমানখনে । বিমানখনত মুঠ ১৬৬ জন যাত্ৰী আৰু ক্ৰু আছিল । বিকল্প বিমানৰ ব্যৱস্থা নোহোৱালৈকে সকলো যাত্ৰীকে নিৰাপদে বিমানৰ পৰা নমাই এৰাইভেল এৰিয়াত বহিবলৈ দিয়া হয় ।“

খবৰ অনুসৰি ইণ্ডিগো বিমানখনৰ পাইলটে পৰিস্থিতিৰ বিষয়ে অৱগত হোৱাৰ লগে লগে বাৰাণসী বিমানবন্দৰৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লৰ সৈতে যোগাযোগ কৰি ইন্ধন নিৰ্গত হোৱাৰ কথা অৱগত কৰে । বাৰাণসী বিমানবন্দৰৰ এ টি চিৰ পৰা জৰুৰী অৱতৰণৰ অনুমতি বিচাৰি পাইলটে । অনুমতি পোৱাৰ লগে লগে বিমানখনে ৪:১০ বজাত ৰাণৱেত নিৰাপদে অৱতৰণ কৰে । ইয়াৰ পিছতে কাৰিকৰী দলে বিমানখন পৰিদৰ্শন আৰু মেৰামতিৰ কাম আৰম্ভ কৰে । বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, বিমানখন মেৰামতি কৰাৰ পিছত গন্তব্যস্থানলৈ ৰাওনা হ’ব ।

লগতে পঢ়ক : অঘটনৰ পৰা ৰক্ষাঃ হেলিপেডত সোমাই ধৰিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ হেলিকপ্টাৰৰ চকা

শাওনৰ প্ৰথমটো সোমবাৰৰ পূৰ্বে বাৰাণসীত হাই এলাৰ্ট; বাবা বিশ্বনাথ ধামত কটকটীয়া নিৰাপত্তা

বাৰাণসীত হাই এলাৰ্ট

বাবা কাশী বিশ্বনাথৰ দৰ্শন কৰিবলৈ শাওন মাহৰ প্ৰথম সোমবাৰে বাৰাণসীত লাখ লাখ শিৱভক্ত সকলৰ আগমনৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসন আৰু আৰক্ষীয়ে নিৰাপত্তাৰ ব্যৱস্থা সন্দৰ্ভত প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

আৰক্ষীয়ে দাবী কৰিছে যে, ভিৰ নিয়ন্ত্ৰণ, নিৰাপত্তা, যান-বাহন ব্যৱস্থাপনা আৰু ভক্তৰ সুবিধাৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এচিপি দশস্বমেধ অতুল অঞ্জন ত্ৰিপাঠীৰ মতে, সমগ্ৰ দেশৰ পৰা অহা ভক্তসকলৰ বাবে বাৰাণসীৰ বিভিন্ন স্থানত বেৰিকেড লগোৱা হৈছে।

লগতে, এটা সুপৰিকল্পিত পথ ডাইভাৰচন পৰিকল্পনা প্ৰস্তুত কৰা হৈছে, যাতে দৰ্শনাৰ্থীসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। ভক্তৰ সামগ্ৰী সুৰক্ষিত ৰখাৰ বাবে নিৰাপদ ঘৰ নিৰ্মাণ কৰা হৈছে।

একে সময়তে বাবা বিশ্বনাথ মন্দিৰ কমপ্লেক্স আৰু গোদাউলিয়া ছেক্সনত ‘হেল্প ডেস্ক’ স্থাপন কৰা হৈছে।যাতে হেৰুৱা সামগ্ৰী উদ্ধাৰ কৰিব পাৰে। লগতে আৰক্ষী, পিএচি, চিআৰপিএফ আৰু বান কোম্পানী মোতায়েন কৰা হৈছে।

ড্ৰ’ন ব্যৱহাৰ কৰি আকাশেৰে চোৰাংচোৱাগিৰি কৰি জনসমাগম নিৰীক্ষণ কৰা হৈছে।ঘাটসমূহত পি এ ব্যৱস্থাৰ জৰিয়তে গংগাৰ জলপৃষ্ঠ বৃদ্ধিৰ বিষয়ে অহৰহ সতৰ্ক কৰি দিয়া হৈছে।

লগতে পঢ়ক: “মোৰ মা…”; কণ্ঠশিল্পী আশা ভোছলেৰ মৃত্যুৰ উৰাবাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ পুত্ৰৰ…

ভাৰতৰ ৫ খন বিখ্যাত চহৰ, য’ত জনপ্ৰিয় নিৰামিষ খাদ্য…

আমিষ অথবা নন-ভেজ খাদ্য বৰ্তমান জনপ্ৰিয় যদিও সকলোৱে এই খাদ্য্যাভাস ভাল নাপায় বা অনুসৰণ নকৰে । আজিৰ পৃথিৱীত নিৰামিষভোজীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । ভাৰতত বিভিন্ন সংস্কৃতি তথা ধৰ্মৰ লোকে বাস কৰে আৰু প্ৰতিটো সংস্কৃতি বা ধৰ্মৰ নিজস্ব বিশেষ ব্যঞ্জন আৰু বেলেগ বেলেগ খাদ্য আছে । যিসকলে কয় যে নিৰামিষ খাদ্যত বৈচিত্ৰ্য নাথাকে, তেওঁলোকে জনা উচিত যে ভাৰতৰ বহু ঠাই আছে যিবোৰ নিৰামিষ খাদ্যৰ বাবে বিখ্যাত ।

পৰম্পৰাগত থালিৰ পৰা আৰম্ভ কৰি অনান্য বিকল্পলৈকে এই ঠাইবোৰে নিৰামিষ খাদ্যৰ কলাক উদযাপন কৰে । যদি আপুনিও নিৰামিষ খাদ্যৰ প্ৰতি আকৰ্ষিত, তেন্তে ভাৰতৰ এই ঠাইবোৰত উপলব্ধ সুস্বাদু খাদ্যই আপোনাৰ ভ্ৰমণৰ আনন্দ দুগুণ কৰি তুলিব । গতিকে ভাৰতৰ সেই ৫ খন নিৰামিষ খাদ্যৰ বাবে জনপ্ৰিয় ঠাইৰ বিষয়ে জানক ।

বাৰাণসী, উত্তৰ প্ৰদেশ-

বাৰাণসীত নিৰামিষ খাদ্য বিচাৰি পোৱাটো অতি সহজ । ইয়াৰ ঘাট আৰু ৰাজপথত প্ৰতিটো খোজতে সুস্বাদু নিৰামিষ খাদ্য পাব । বেনাৰসৰ বিশেষ খাদ্য হ’ল আলু পুৰি, কচুৰী চবজী, ক্ৰীমী লচ্ছী আৰু বিভিন্ন ধৰণৰ মিঠাই ।

উডুপি, কৰ্ণাটক-

দক্ষিণ ভাৰতীয় খাদ্যৰ কথা আহিলে প্ৰথমে উডুপিৰ নাম লোৱা হয় । যদি আপুনি দক্ষিণত নিৰামিষ খাদ্য  বিচাৰিছে, তেন্তে উডুপি (Udupi) আপোনাৰ বাবে এক নিখুঁত গন্তব্যস্থান । এই ঠাইখন সমগ্ৰ দক্ষিণতে নিৰামিষ খাদ্যৰ বাবে অতি বিখ্যাত । ইয়াত ইদলী, দোছা, চাম্বৰ, বড়া আৰু নাৰিকল চাটনিৰ সোৱাদ এনেকুৱা যে এবাৰ ল’লে পাহৰিব নোৱাৰিব ।

হৰিদ্বাৰ আৰু ঋষিকেশ-

হৰিদ্বাৰ আৰু ঋষিকেশ ধৰ্মীয় স্থান আৰু ইয়াত কেৱল নিৰামিষ খাদ্যহে পোৱা যায় । ইয়াৰ দোকানত পুৰি-আলু, কচুৰী আৰু গৰম জেলেপী উপভোগ কৰিব পাৰিব । গংগা নদীৰ পাৰত অৱস্থিত এই স্থানৰ খাদ্যৰ অতি গুৰুত্ব আছে ।

আহমেদাবাদ, গুজৰাট-

গুজৰাটী খাদ্য মৃদু মছলা আৰু মিঠাৰে ভৰপূৰ । এই ঠাইখন নিৰামিষভোজীৰ বাবে অতি বিশেষ কাৰণ গুজৰাটত জৈন ধৰ্মী লোকৰ সংখ্যা অতি বেছি । গুজৰাটী থালি য’ত খাণ্ডৱী, ফাফড়া, ঢোকলা, থেপলা আৰু দাল-খিচিৰী থাকে সেয়াই গুজৰাটৰ বিশেষ পৰিচয় । আহমেদাবাদৰ প্ৰতিটো গলি আৰু বজাৰত সুস্বাদু নিৰামিষ খাদ্য পাব ।

জয়পুৰ, ৰাজস্থান-

জয়পুৰৰ ৰাজকীয় নিৰামিষ খাদ্য সমগ্ৰ বিশ্বতে বিখ্যাত । ইয়াত বাজৰাৰ ৰুটি, দাল বাতি চুৰ্মা আৰু গট্টে কি চবজীত ৰাজকীয় সোৱাদ পোৱা যায় । ইয়াৰ বাহিৰেও মিৰ্চি বাড়া, ঘেৱৰ আৰু মালপোৱা জয়পুৰৰ পৰম্পৰাগত খাদ্য । জয়পুৰত উপলব্ধ ৰাজস্থানী থালীৰ সোৱাদ অতি জনপ্ৰিয় ।