গংগা নদীত চিকেন বিৰিয়ানীৰে ইফতাৰ পাৰ্টী; ১৪ জন মুছলমান যুৱকক গ্ৰেপ্তাৰ

উত্তৰ প্ৰদেশৰ বাৰাণসীত গংগা নদীৰ মাজত ইফতাৰ পাৰ্টি অনুষ্ঠিত কৰা ১৪ জন মুছলমান যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এদল যুৱকে ইফতাৰ পাৰ্টিৰ চিকেন বিৰিয়ানী খাই গংগা নদীত হাড় পেলাইছিল।

বাৰাণসী আৰক্ষীয়ে মঙলবাৰে গংগা নদীত সন্ধিয়া পঞ্চগংগা ঘাটৰ সমীপত নাৱত উঠি ইফটাৰ পাৰ্টি আয়োজন কৰাৰ অভিযোগত ১৪ জনকৈ মুছলমান যুৱকক গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে উল্লেখ কৰিছে যে এই মুছলমান যুৱক কেইজনে চিকেন বিৰিয়ানী খাই বাকী থকা খাদ্য নদীত পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে।

বাৰাণসীৰ সহকাৰী আৰক্ষী আয়ুক্ত বিজয় প্ৰতাপ সিঙে কয় যে- ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ৰ ভিত্তিত আৰক্ষীয়ে ২০ বছৰীয়া ১৪ জন মুছলমান যুৱকক চিনাক্ত কৰি জিম্মাত লৈছে।তেওঁ উল্লেখ কৰে যে তেওঁলোক আটাইকেইজন স্থানীয় বাসিন্দা।

আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে অভিযুক্তই গংগা নদীত এখন নাৱত ইফতাৰ পাৰ্টীৰ  আয়োজন কৰিছিল। ইফটাৰৰ পিছত বাকী থকা চিকেন বিৰিয়ানীখিনি গংগা নদীত পেলাই দিয়ে। সামাজিক মাধ্যমত যুৱক কেইজনে শ্বেয়াৰ কৰা এটা ৰীলত সেই কথা দেখিবলৈ পোৱা গৈছিল। সামাজিক মাধ্যমত এই ভিডিঅ’টো তীব্ৰগতিত ভাইৰেল হৈ পৰে।তাৰ পিছতেই যুৱক কেইজনৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ গোচৰ ৰুজু কৰা হয়।

ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত ভাৰতীয় জনতা যুৱ মৰ্চাৰ মহানগৰ সভাপতি ৰজত জয়ছৱালে কোটোৱালি থানাত লিখিত অভিযোগ দাখিল কৰা হয়।বিষয়টোৰ ভয়াৱহতা বিবেচনা কৰি ২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে। 

লগতে পঢ়ক: চিকিৎসালয়ত আক্ৰমণ কাপুৰুষোচিত কাৰ্যঃ পাকিস্তানক কঠোৰ নিন্দা ভাৰতৰ

গংগা নদীত ভয়ংকৰ নাও দুৰ্ঘটনাঃ ৩জন যাত্ৰীৰ মৃতদেহ উদ্ধাৰ, আন বহুতো সন্ধানহীন

দেওবাৰে পুৱা বিহাৰৰ কাটিহাৰ জিলাত সংঘটিত হয় এক বৃহৎ নাও দুৰ্ঘটনা । কাটিহাৰৰ অমদাবাদত গংগা নদীত এখন নাও ডুব যোৱাৰ ফলত বহু লোকৰ মৃত্যু হয় । নাওখনত মুঠ ১৭ জন লোক আছিল । এই ঘটনাত এতিয়াও বহু লোক নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে ।

ঘটনাৰ পিছতে চাৰিজন লোকে সাঁতুৰি নিজৰ জীৱন ৰক্ষা কৰে । দক্ষিণ কৰিমুল্লাপুৰৰ মেঘু ঘাটৰ পৰা নাওখনত উঠি আটাইকেইজন লোক গদ্দাই দিয়াৰলৈ গৈ আছিল । নাও দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে এছ ডি আৰ এফ আৰু আৰক্ষী সেই স্থানত উপস্থিত হয় আৰু নিৰুদ্দেশ হোৱা লোককেইজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে । স্থানীয় লোকসকলেও ঘটনাস্থলীত ভিৰ কৰা পৰিলক্ষিত হৈছে ।

ইফালে ঘটনাস্থলীৰ পৰা তিনিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে । নিহতসকলৰ ভিতৰত ৬০ বছৰীয়া পৱন কুমাৰ, ৭০ বছৰীয়া সুধীৰ মণ্ডল আৰু এটি এবছৰীয়া শিশু আছে । এতিয়াও নিৰুদ্দেশ হৈ থকা লোকসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে এছ ডি আৰ এফে ।

গংগাৰ প্ৰবল প্ৰবাহৰ বাবে উদ্ধাৰ অভিযানত সমস্যা-

মণিহাৰীৰ মহকুমাধিপতি কুমাৰ সিদ্ধাৰ্থ, মহকুমা আৰক্ষী বিষয়া মনোজ কুমাৰ, অমদাবাদ থানাৰ মুৰব্বী কুন্দন কুমাৰ আৰু খণ্ড বিষয়াৰ লগতে স্থানীয় গাঁওবাসীয়ে সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে । কিন্তু প্ৰবল সোঁত আৰু গভীৰতাৰ বাবে নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি উলিওৱাত অসুবিধা হৈছে ।

খেতি পথাৰত কাম কৰিবলৈ ওলাইছিল সকলো-

জানিব পৰা মতে, নাওখনত থকা লোকসকলে খেতিপথাৰ চাবলৈ আৰু খেতিৰ কাম কৰিবলৈ ডায়াৰা অঞ্চললৈ গৈছিল । কিন্তু নদীৰ ঢৌৱে তেওঁলোকৰ পুৱাটো শোকলৈ ৰূপান্তৰিত কৰিলে । নিৰুদ্দেশ হোৱা লোকসকলৰ পৰিয়ালৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে । নাও দুৰ্ঘটনাত উদ্ধাৰ হোৱা লোকসকলক অমদাবাদ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ।