হাত এৰি পদুমলৈ যাত্ৰা; আজিয়েই গেৰুৱা বসন পিন্ধিব প্ৰদ্যুৎ বৰদলৈয়ে

হাত এৰি পদুমলৈ যাত্ৰা; আজিয়েই গেৰুৱা বসন পিন্ধিব প্ৰদ্যুৎ বৰদলৈয়ে

আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈয়ে। দিল্লীত। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত যোগদান কৰিব তেওঁ। মঙলবাৰে নিশা কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছত আজিয়েই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈয়ে। মঙলবাৰে মাজনিশাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ প্ৰদ্যুৎ বৰদলৈৰ। তাৰ পিছতেই গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে

আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈয়ে। দিল্লীত। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত যোগদান কৰিব তেওঁ।

মঙলবাৰে নিশা কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছত আজিয়েই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈয়ে। মঙলবাৰে মাজনিশাই  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ প্ৰদ্যুৎ বৰদলৈৰ। তাৰ পিছতেই  গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে কংগ্ৰেছ ত্যাগ কৰা নেতাগৰাকীয়ে।

আজি ১০ বজাত দিল্লীত বিজেপিত যোগদা কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত যোগদান কৰিব তেওঁ।বিজেপিত যোগদান কৰাৰ লগে লগেই বিজেপিৰ প্ৰাৰ্থী হৈ বিধানসভা নিৰ্বাচন খেলাৰ সুযোগ লাভৰো সম্ভাৱনা আছে প্ৰদ্যুৎ বৰদলৈৰ।

ইয়াৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈৰ বাবে বিজেপিত এখন আসন সংৰক্ষিত বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰীণ চিগনেল দিছিলে। দিছপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী হ’ব পাৰে বৰদলৈ!আজি বিজেপিৰ তালিকা প্ৰকাশ পোৱাৰ পিছতেই এই কথা নিশ্চিত হ’ব।  

লগতে পঢ়ক: ‘কংগ্ৰেছত পোৱা চৰম অপমান আৰু উশাহহীন পৰিৱেশৰ বাবে পদত্যাগ কৰিবলৈ বাধ্য হ’লো’; প্ৰদ্যুৎ বৰদলৈ