বন্ধু ৰাষ্ট্ৰৰ ওচৰত হাত পাতিও বিমুখ আমেৰিকা । ট্ৰাম্পে কয়, আমাক কাৰো প্ৰয়োজন নাই ।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ মিত্ৰ দেশসমূহৰ ওপৰত ক্ষুব্ধ হৈ তীব্ৰ সমালোচনা কৰিছে । তেওঁ কয় যে ইৰাণৰ সৈতে চলি থকা যুদ্ধৰ সময়ত হৰমুজ প্ৰণালী সুৰক্ষিত আৰু পুনৰ মুকলিৰ বাবে যুদ্ধ জাহাজ প্ৰেৰণৰ বাবে আবেদন জনাইছিল যদিও বেছিভাগ দেশেই নাকচ কৰিছে । ট্ৰাম্পে কয়, “আমাক কাৰো প্ৰয়োজন নাই । আমি বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ । আমাৰ সামৰিক বাহিনী আটাইতকৈ শক্তিশালী ।”
ক্ষুব্ধ ট্ৰাম্পে কয় যে তেওঁ প্ৰায় সাতখন দেশৰ সৈতে কথা পাতিছিল আৰু তেলৰ চালান নিৰাপদে পাৰ হোৱাটো নিশ্চিত কৰিবলৈ যুদ্ধজাহাজ পঠিয়াবলৈ কয় যদিও জাৰ্মানী, স্পেইন, ইটালীৰ দৰে দেশে সম্পূৰ্ণৰূপে নাকচ কৰিছিল । ব্ৰিটেইনেও প্ৰথম অৱস্থাত দুখন বিমানবাহী জাহাজ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল যদিও পিছলৈ যুদ্ধ শেষ হোৱাৰ পিছত সেই প্ৰস্তাৱ দিছিল, যি ট্ৰাম্পে নাকচ কৰিছিল ।
ট্ৰাম্পে কয় যে, “মই এই কাম কৰিছো যাতে তেওঁলোকে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তাক জানিব পাৰোঁ । মই বছৰ বছৰ ধৰি কৈ আহিছো যে যদি আমাক কেতিয়াবা তেওঁলোকৰ প্ৰয়োজন হয় তেন্তে তেওঁলোক নাহে ।” তেওঁ নাটোকো লক্ষ্য কৰি কয় যে যদি মিত্ৰশক্তিয়ে সহায় নকৰে তেন্তে নাটোৰ ভৱিষ্যত “অতি বেয়া” হ’ব । ব্ৰিটেইনক লৈ ট্ৰাম্পে আশ্চৰ্য প্ৰকাশ কৰি কয় যে তেওঁলোকে প্ৰথম অৱস্থাত সহায় কৰা নাছিল যদিও যুদ্ধ শেষ হোৱাৰ পিছতহে প্ৰস্তাৱ দিছিল । “মই কৈছিলো, যুদ্ধ শেষ হোৱাৰ পিছত মোক কেৰিয়াৰৰ প্ৰয়োজন নাই ।’
হৰমুজ প্ৰণালী হৈছে বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তেল পৰিবৱণ পথ, ই বিশ্বৰ প্ৰায় ২০% তেল পৰিৱহণ কৰে । যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ইৰাণে এই গুৰুত্বপূৰ্ণ জলপথ বন্ধ কৰি ৰাখিছে । ইৰাণে ১৫খনতকৈও অধিক জাহাজ আক্ৰমণ কৰি কাৰ্যতঃ তেলৰ চালানৰ প্ৰবাহ বন্ধ কৰি দিছে । ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মোজতাবা খামেনেই এই জলপথ বন্ধ হৈ থাকিব বুলি উল্লেখ কৰিছে ।
লগতে পঢ়ক : আফগানিস্তানত পাকিস্তানৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক, ৪০০ লোকৰ মৃত্যুৰ দাবী









