যুদ্ধৰ মাজতে হৰমুজ পাৰ হৈ গুজৰাট পালেহি এল পি জি ভৰ্তি শিৱালিক

যুদ্ধৰ মাজতে হৰমুজ পাৰ হৈ গুজৰাট পালেহি এল পি জি ভৰ্তি শিৱালিক

দুখনকৈ ভাৰতীয় জাহাজক হৰমুজ হোৱাৰ অনুমতি দিয়া হৈছিল । ইয়াৰে এখন এল পি জি ভৰ্তি জাহাজ ভাৰতত আহি উপস্থিত হৈছে । আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ বাবে বহু দেশৰ জাহাজে হৰমুজ প্ৰণালী পাৰ হ’ব নোৱাৰি আৱদ্ধ হৈ পৰিছে । ইয়াৰ মাজতে দুখনকৈ ভাৰতীয়

দুখনকৈ ভাৰতীয় জাহাজক হৰমুজ হোৱাৰ অনুমতি দিয়া হৈছিল । ইয়াৰে এখন এল পি জি ভৰ্তি জাহাজ ভাৰতত আহি উপস্থিত হৈছে ।

আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ বাবে বহু দেশৰ জাহাজে হৰমুজ প্ৰণালী পাৰ হ’ব নোৱাৰি আৱদ্ধ হৈ পৰিছে । ইয়াৰ মাজতে দুখনকৈ ভাৰতীয় জাহাজক হৰমুজেৰে পাৰ হোৱাৰ অনুমতি দিয়া হৈছিল । ইয়াৰে এখন জাহাজ শিৱালিক সোমবাৰে এল পি জি কঢ়িয়াই ভাৰতত উপস্থিত হয় । গুজৰাটৰ মুন্দ্ৰা বন্দৰত উপস্থিত হোৱা শিৱলিক জাহাজখনৰ পৰা এতিয়া আনলোডিং হ’ব ।

সোমবাৰে সন্ধিয়া প্ৰায় ৫ বজাত মুন্দ্ৰা বন্দৰত উপস্থিত হয় শিৱালিক । এই এল পি জি কেৰিয়াৰখনে প্ৰায় ৪৬,০০০ মেট্ৰিক টন গেছ কঢ়িয়াই আনিছে, যিটো ৩২.৪ লাখ ঘৰুৱা চিলিণ্ডাৰৰ সমতুল্য । এই জাহাজখনো হৰমুজ প্ৰণালীত আবদ্ধ হৈ আছিল যদিও ১৪ মাৰ্চত ভাৰতল অহাৰ অনুমতি লাভ কৰিছিল । মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ মাজতে ভাৰতত উপস্থিত হোৱা এই জাহাজখনে দেশবাসীক যথেষ্ট সকাহ দিছে ।

ইফালে শিৱালিকৰ পিছতে এল পি জি ভৰ্তি নন্দা দেৱী শীঘ্ৰেই ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । এই জাহাজখনে ৪৬ হাজাৰ মেট্ৰিক টন এল পি জি কঢ়িয়াই আনিছে । ভাৰতকে ধৰি কেইবাখনো দেশৰ জাহাজ এতিয়াও হৰমুজ প্ৰণালীত আবদ্ধ হৈ আছে । অৱশ্যে ইৰানে ভাৰতক বন্ধু বুলি উল্লেখ কৰিছে আৰু হৰমুজেৰে ভাৰতীয় জাহাজ পাৰ হোৱাত অনুমতি দিব বুলি উল্লেখ কৰিছে । ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে শেহতীয়াকৈ উল্লেখ কৰিছে যে ইৰাণৰ শত্ৰুৰ বাহিৰে হৰমুজ প্ৰণালী সকলোৰে বাবে মুকলি ।

ভাৰতস্থিত ইৰাণৰ ৰাষ্ট্ৰদূত মহম্মদ ফাথালীয়ে শনিবাৰে কয় যে ইৰাণে হৰমুজ প্ৰণালীৰ মাজেৰে কিছু জাহাজ পাৰ হ’বলৈ অনুমতি দিছে । অৱশ্যে কিমান জাহাজ পাৰ হ’বলৈ দিয়া হ’ব সেই বিষয়ে তেওঁ স্পষ্ট কৰা নাছিল । ইয়াৰ ভিতৰত কেইবাখনো দেশৰ জাহাজো অন্তৰ্ভুক্ত হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক : কটকৰ এছচিবি মেডিকেল কলেজ এণ্ড হাস্পতালৰ ICU ত ভয়ংকৰ অগ্নিকাণ্ড; ১০ জন ৰোগীৰ মৃত্যু