পিতৃ হ’বলৈ ওলাইছে সূৰ্যকুমাৰ যাদৱ; পত্নীয়ে শ্বেয়াৰ কৰিলে বিশেষ ভিডিঅ’

পিতৃ হ’বলৈ ওলাইছে সূৰ্যকুমাৰ যাদৱ;  পত্নীয়ে শ্বেয়াৰ কৰিলে বিশেষ ভিডিঅ’

ভাৰতীয় ক্ৰিকেটাৰ সূৰ্যকুমাৰ যাদৱ আৰু তেওঁৰ পত্নী দেৱীশা শ্বেট্টীৰ বেবী শ্বাৱাৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন তথা টি-২০ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে শেহতীয়াকৈ নিজৰ ব্যক্তিগত জীৱনক লৈ শিৰোনাম দখল কৰিছে।কাৰণ শীঘ্ৰেই পিতৃ হ’ব সূৰ্যকুমাৰ যাদৱ। তেওঁ আৰু পত্নী দেৱীশা

ভাৰতীয় ক্ৰিকেটাৰ সূৰ্যকুমাৰ যাদৱ আৰু তেওঁৰ পত্নী দেৱীশা শ্বেট্টীৰ বেবী শ্বাৱাৰৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন তথা টি-২০ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে শেহতীয়াকৈ নিজৰ ব্যক্তিগত জীৱনক লৈ শিৰোনাম দখল কৰিছে।কাৰণ শীঘ্ৰেই পিতৃ হ’ব সূৰ্যকুমাৰ যাদৱ। তেওঁ আৰু পত্নী দেৱীশা শ্বেট্টীৰ এটা ভিডিঅ’ বৰ্তমান ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

ভাইৰেল ভিডিঅ’টোত সূৰ্যকুমাৰ যাদৱ পত্নী দেৱীশাৰ সৈতে এটা হলত প্ৰৱেশ কৰা দেখা গৈছে, দুয়োজনেই পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি।ভিডিঅ’টোত দেৱীশাৰ  বেবী বাম্পটো স্পষ্টকৈ দেখা যায়।

এই ভিডিঅ’ টো ভাইৰেল হোৱাৰ পিছতে তেওঁলোকৰ অনুৰাগী সকল আনন্দিত হৈছে আৰু সকলোৱে তেওঁলোকক অভিনন্দন জনাইছে। অৱশ্যে সূৰ্যকুমাৰ যাদৱে এতিয়ালৈকে এই ভাল খবৰটো অনুৰাগীৰ লগত শ্বেয়াৰ কৰা নাই।

লগতে পঢ়ক: শুভমন গীললৈ বিচিচিআইৰ বিশেষ বঁটা, তালিকাত নাই ৰোহিত-কোহলী