আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সূৰ্য্যকুমাৰ যাদৱৰ ৫ বছৰ; সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে আৱেগিক ভিডিঅ'

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সূৰ্যকুমাৰ যাদৱৰ ৫ বছৰ;  সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে আৱেগিক ভিডিঅ’

টিম ইণ্ডিয়াৰ টি-২০ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। আজি সূৰ্যকুমাৰ যাদৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাঁচ বছৰ সম্পূৰ্ণ কৰিছে। সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত টিম ইণ্ডিয়াই ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰে।তাৰ পিছৰে পৰা সূৰ্য্যই বিৰতিত আছে আৰু এতিয়া কিছুদিনৰ পিছত ২০২৬ চনৰ আই

টিম ইণ্ডিয়াৰ টি-২০ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। আজি সূৰ্যকুমাৰ যাদৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাঁচ বছৰ সম্পূৰ্ণ কৰিছে।

সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত টিম ইণ্ডিয়াই ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰে।তাৰ পিছৰে পৰা সূৰ্য্যই বিৰতিত আছে আৰু এতিয়া কিছুদিনৰ পিছত ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব।

ইফালে,  ১৪ মাৰ্চৰ দিনা সূৰ্যকুমাৰ যাদৱে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে,যিটো যথেষ্ট ভাইৰেল হৈ পৰিছে। দৰাচলতে সূৰ্য্যকুমাৰৰ আজি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাঁচ বছৰ সম্পূৰ্ণ হ’ল। এই ভিডিঅ’টোত তেওঁ পাঁচ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ বিষয়ে কৈছে।

সূৰ্যকুমাৰ যাদৱে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰে য’ত তেওঁ এতিয়ালৈকে কৰা যাত্ৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।সূৰ্যকুমাৰ যাদৱে পোষ্টটোৰ কেপচনত লিখিছে যে- পাঁচ বছৰ আগতে এটা সপোন বাস্তৱত পৰিণত হৈছিল।ভাৰতীয় জাৰ্চি পিন্ধাটো এনে এক অনুভৱ যিটো, আজিও মই সম্পূৰ্ণৰূপে শব্দৰে প্ৰকাশ কৰিব নোৱাৰো, দলটোৰ বাবে আমি আগলৈ আৰু বহুতো স্মৰণীয় মুহূৰ্তৰ সৃষ্টি কৰিম।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ পাছৰে পৰা সূৰ্যকুমাৰ যাদৱে এই পৰ্যন্ত মুঠ ৩৭খন এদিনীয়া মেচ ,১১৩ খন টি-২০ আৰু মাত্ৰ এখন টেষ্ট মেচ খেলিছে।এই সময়ছোৱাত তেওঁ এদিনীয়াত ৭৭৩ ৰান, টি-২০ত ৩২৭২ ৰান আৰু টেষ্টত ৮ ৰান সংগ্ৰহ কৰিছে।

লগতে পঢ়ক: বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন ভাৰতীয় মহিলা হকী দলৰ; ইটালীক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ

শেহতীয়া প্ৰৱন্ধসমূহ