‘কংগ্ৰেছে কেতিয়াও সন্মান প্ৰদান কৰা নাছিল’; কাংশীৰামক লৈ ৰাহুল গান্ধীক তীব্ৰ সমালোচনা মায়াৱতীৰ

‘কংগ্ৰেছে কেতিয়াও সন্মান প্ৰদান কৰা নাছিল’; কাংশীৰামক লৈ ৰাহুল গান্ধীক তীব্ৰ সমালোচনা মায়াৱতীৰ

সাংসদ ৰাহুল গান্ধীৰ এটা মন্তব্যৰ পিছতেই কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰে বহুজন সমাজ পাৰ্টীৰ অধ্যক্ষা মায়াৱতীয়ে। তেওঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰে। কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে পুনৰ আক্ৰমণ বিএছপিৰ অধ্যক্ষা মায়াৱতীৰ। তাৰ কাৰণটো হৈছে কাংশী ৰাম।দৰাচলতে শুকুৰবাৰে কংগ্ৰেছ দলে লক্ষ্ণৌত কাংশীৰামৰ জন্ম বাৰ্ষিকী

সাংসদ ৰাহুল গান্ধীৰ এটা মন্তব্যৰ পিছতেই কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰে বহুজন সমাজ পাৰ্টীৰ অধ্যক্ষা মায়াৱতীয়ে। তেওঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰে।

কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে পুনৰ আক্ৰমণ বিএছপিৰ অধ্যক্ষা মায়াৱতীৰ। তাৰ কাৰণটো হৈছে কাংশী ৰাম।দৰাচলতে শুকুৰবাৰে কংগ্ৰেছ দলে লক্ষ্ণৌত কাংশীৰামৰ জন্ম বাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰে।

সেই সময়ত ৰাহুল গান্ধীয়ে বিএছপিৰ প্ৰতিষ্ঠাপক গৰাকীৰ সন্দৰ্ভত বক্তব্য দি কয় যে, যদি জৱাহৰলাল নেহৰু জীয়াই থাকিলে হয়, তেতিয়া কংশীৰাম কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’লহেঁতেন।কেৱল সেয়াই নহয়, তেওঁৰ বাবে ভাৰতৰত্নৰ দাবীও উত্থাপন হৈছিল। ৰাহুল গান্ধীৰ এইৰ মন্তব্যৰ পিছতেই এতিয়া মায়াৱতীয়ে তেওঁক তীক্ষ্ণ সমালোচনা কৰিছে।

মায়াৱতীয়ে অভিযোগ কৰে যে কংগ্ৰেছে বছৰ বছৰ ধৰি ক্ষমতাত থাকিও বাবাছাহেবক কেতিয়াও সন্মান প্ৰদান কৰা নাছিল। না কংগ্ৰেছে কেতিয়াও তেওঁক ‘ভাৰত ৰত্ন’ উপাধিৰে সন্মানিত কৰিছিল। এতিয়া কংগ্ৰেছে কাংশীৰাম জীক এই উপাধিৰে কেনেকৈ সন্মানিত কৰিব? মায়াৱতীয়ে অভিযোগ উত্থাপন কৰে যে কংগ্ৰেছে ক্ষমতাত থকাৰ সময়ত কাংশী ৰামজীৰ মৃত্যুত এটা দিনো ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা নাছিল।

মায়াৱতীয়ে উল্লেখ কৰে যে এই দল সমূহে বিভিন্ন কৌশলৰ আশ্ৰয় লৈ কাংশীৰামজীয়ে প্ৰতিষ্ঠা কৰা বিএছপি দলটোক দুৰ্বল কৰাৰ কামত অহৰহ ব্যস্ত হৈ আছে। ইয়াৰ লগতে সমৰ্থকসকলক এই লোকসকলৰ পৰা সাৱধান হ’বলৈ সকীয়াই দিয়ে। তেওঁ উল্লেখ কৰে যে কংগ্ৰেছৰ বিৰুদ্ধে বিএছপি সমৰ্থকসকলে বিশেষভাৱে সজাগ হোৱাটো প্ৰয়োজন। তেওঁলোকৰ দলিত বিৰোধী চিন্তাধাৰা আৰু মানসিকতাৰ বাবেই বিএছপি প্ৰতিষ্ঠা হৈছিল।

লগতে পঢ়ক: দিল্লীত ৰুদ্ধদ্বাৰ বৈঠক; আজি প্ৰকাশ পাব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা