শোকাৱহ; পুৱতি নিশা বোকাজানত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছ

শোকাৱহ; পুৱতি নিশা বোকাজানত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছ

বোকাজানত পুৱতি নিশা এক শোকাৱহ পথ দুৰ্ঘটনাত ৪ গৰাকীকৈ যাত্ৰীৰ মৃত্যু হয়। পুৱতি নিশা বোকাজানত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে থকা গছত খুন্দা মাৰে যাত্ৰীবাহী বাছখনে।পথ দুৰ্ঘটনাটোৰ ফলত ৪ গৰাকী লোকৰ মৃত্যু হয়। জানিব পৰা মতে,মৈৰাবাৰীৰ পৰা ডিমাপুৰ অভিমুখে গৈ আছিল

বোকাজানত পুৱতি নিশা এক শোকাৱহ পথ দুৰ্ঘটনাত ৪ গৰাকীকৈ যাত্ৰীৰ মৃত্যু হয়।

পুৱতি নিশা বোকাজানত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে থকা গছত খুন্দা মাৰে যাত্ৰীবাহী বাছখনে।পথ দুৰ্ঘটনাটোৰ ফলত ৪ গৰাকী লোকৰ মৃত্যু হয়।

জানিব পৰা মতে,মৈৰাবাৰীৰ পৰা ডিমাপুৰ অভিমুখে গৈ আছিল যাত্ৰীবাহী বাছখন। পুৱতি নিশা সংঘটিত হোৱা এই দুৰ্ঘটনাটোত ১০ গৰাকীতকৈ অধিক যাত্ৰী আহত হয়।মৃতকৰ ভিতৰত ৩ গৰাকী পুৰুষ আৰু এগৰাকী মহিলা বুলি জানিব পৰা গৈছে।  

 দুৰ্ঘটনাৰ পিছতে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। পিছত স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

লগতে পঢ়ক: জুবিন গাৰ্গৰ নামেৰে অসমত আৱিস্কৃত নতুন উদ্ভিত প্ৰজাতিৰ নামকৰণ

শেহতীয়া প্ৰৱন্ধসমূহ