আমেৰিকাৰ যুদ্ধ জাহাজ আব্ৰাহাম লিংকনত মিছাইল আক্ৰমণৰ দাবী ইৰানৰ

আমেৰিকাৰ যুদ্ধ জাহাজ আব্ৰাহাম লিংকনত মিছাইল আক্ৰমণৰ দাবী ইৰানৰ

পশ্চিম এছিয়াৰত ইৰান আৰু আমেৰিকাৰ মাজত সামৰিক সংঘাতে তীব্ৰ ৰূপ লৈছে । ইয়াৰ মাজতে ইৰানে এক ডাঙৰ জাবী কৰিছে । পশ্চিম এছিয়াৰ জলসীমাত ইৰান আৰু আমেৰিকাৰ মাজত সামৰিক সংঘাত বিপজ্জনক স্তৰত উপনীত হৈছে । ইৰানৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে দাবী কৰিছে যে তেওঁলোকে আমেৰিকাৰ বিমানবাহী

পশ্চিম এছিয়াৰত ইৰান আৰু আমেৰিকাৰ মাজত সামৰিক সংঘাতে তীব্ৰ ৰূপ লৈছে । ইয়াৰ মাজতে ইৰানে এক ডাঙৰ জাবী কৰিছে ।

পশ্চিম এছিয়াৰ জলসীমাত ইৰান আৰু আমেৰিকাৰ মাজত সামৰিক সংঘাত বিপজ্জনক স্তৰত উপনীত হৈছে । ইৰানৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে দাবী কৰিছে যে তেওঁলোকে আমেৰিকাৰ বিমানবাহী জাহাজ ইউ এছ এছ আব্ৰাহাম লিংকনৰ ওপৰত নিখুঁত মিছাইল আৰু ড্ৰোন আক্ৰমণ চলাই জাহাজখনৰ যথেষ্ট ক্ষতিসাধন কৰে । কিন্তু আমেৰিকাই এই দাবীক ব্যৰ্থ ভাবুকি আখ্যা দি সম্পূৰ্ণৰূপে নাকচ কৰিছে ।

ইৰানৰ চৰকাৰী সংবাদ মাধ্যম প্ৰেছ টিভিৰ মতে, আই আৰ জি চিয়ে ওমানৰ ওচৰৰ সাগৰত এই অভিযান চলাইছিল । ইৰানৰ দাবী যে তেওঁলোকৰ উন্নত অস্ত্ৰই ইৰানৰ সীমান্তৰ পৰা ৩৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত যুদ্ধজাহাজখনক লক্ষ্য কৰি লৈছিল ।

আই আৰ জি চিৰ বিবৃতিত কোৱা হৈছে যে এই আক্ৰমণৰ ফলত আব্ৰাহাম লিংকন নামৰ যুদ্ধ জাহাজখন অক্ষম হৈ পৰে আৰু তীব্ৰ বেগত অঞ্চলটোৰ পৰা আঁতৰি আহিবলগীয়া হয় । ইৰানে বাহৰেইনত থকা আমেৰিকাৰ মিনা ছলমান নৌসেনা ঘাটিতো ড্ৰোন আক্ৰমণ সংঘটিত কৰাৰ দাবী উত্থাপন কৰে ।

ইফালে আমেৰিকাই ইৰানৰ এই দাবীক কল্পনাপ্ৰসূত আৰু ভুৱা বুলি দাবী কৰিছে ।

লগতে পঢ়ক : যুদ্ধৰ মাজতে পুনৰ মোক্ষম আঘাত; দুৰ্ঘটনাত পতিত আমেৰিকাৰ সামৰিক ইন্ধন ভৰোৱা বিমান