বিশ্বকাপৰ পিছতেই আইচিচিয়ে প্ৰকাশ কৰিলে টি-২০ৰ ৰেংকিং, সঞ্জু ছেমছনৰ দীঘল জাঁপ

বিশ্বকাপৰ পিছতেই আইচিচিয়ে প্ৰকাশ কৰিলে টি-২০ৰ ৰেংকিং, সঞ্জু ছেমছনৰ দীঘল জাঁপ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে টি-২০ৰ শেহতীয়া ৰেংকিঙ প্ৰকাশ কৰিছে টি-২০ বিশ্বকাপ ২০২৬ৰ পিছতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে টি-২০ৰ শেহতীয়া ৰেংকিঙ প্ৰকাশ কৰিছে । এই ৰেংকিঙত সঞ্জু ছেমছনে উল্লেখযোগ্য আগ্ৰগতি লাভ কৰিছে । ঈশান কিষানেও ৰেংকিঙত উল্লেখযোগ্য স্থান দখল কৰিছে । অৱশ্যে ৰেংকিঙত নিম্নগামী হৈছে ভাৰতীয় দলৰ অধিনায়ক

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে টি-২০ৰ শেহতীয়া ৰেংকিঙ প্ৰকাশ কৰিছে

টি-২০ বিশ্বকাপ ২০২৬ৰ পিছতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে টি-২০ৰ শেহতীয়া ৰেংকিঙ প্ৰকাশ কৰিছে । এই ৰেংকিঙত সঞ্জু ছেমছনে উল্লেখযোগ্য আগ্ৰগতি লাভ কৰিছে । ঈশান কিষানেও ৰেংকিঙত উল্লেখযোগ্য স্থান দখল কৰিছে । অৱশ্যে ৰেংকিঙত নিম্নগামী হৈছে ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু তিলক বৰ্মাৰ স্থান ।

সঞ্জু ছেমছনৰ দীঘল জাঁপ-

টি-২০ বিশ্বকাপত টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱা সঞ্জু ছেমছনে ১৮ স্থান আগুৱাই ৰেংকিঙত ২২ নম্বৰ স্থান লাভ কৰিছে । তেওঁৰ ৰেটিং হৈছে ৬৩৭ । মন কৰিবলগীয়া যে সঞ্জু আছিল প্ৰতিযোগিতাখনৰ তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী । পাঁচখন মেচত পাঁচটা ইনিংছত তেওঁ গড় ৮০.২৫ আৰু ষ্ট্ৰাইক ৰেট ১৯৯.৩৮ত ৩২১ ৰান সংগ্ৰহ কৰে, য’ত তিনিটা অৰ্ধশতকো আছিল ।

শীৰ্ষত অভিষেক, লাভান্বিত ঈশান কিষান-

ঈশান কিষানে ৮৭১ ৰেটিং লাভ কৰি ৰেংকিঙত দুটা স্থান আগুৱাই দ্বিতীয় স্থান লাভ কৰিছে । টি-২০ বিশ্বকাপত চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল ঈশান । ৯খন মেচত ৯ টা ইনিংছত বেটিং কৰি তেওঁ ৩৫.২২ গড়ে, ১৯৩.২৯ ষ্ট্ৰাইক ৰেটত তিনিটা অৰ্ধশতককে ধৰি ৩১৭ ৰান সংগ্ৰহ কৰে । ইফালে ভাৰতীয় অ’পেনাৰ অভিষেক শৰ্মা শীৰ্ষত আছে ।

পিছুৱালে সূৰ্যকুমাৰ যাদৱ আৰু তিলক বাৰ্মা-

ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱ ৰেংকিঙত দুটা স্থান অৱনমিত হৈছে । এতিয়া তেওঁৰ ৯ম স্থানত আছে, তেওঁৰ ৰেটিং ৭২২ । টি-২০ বিশ্বকাপত সূৰ্যই ৯খন মেচত ৯টা ইনিংছত বেটিং কৰি গড়ে ৩০.২৫ত ২৪২ ৰান সংগ্ৰহ কৰিছিল আৰু তেওঁৰ ষ্ট্ৰাইক ৰেট ১৩৬.৭২, য’ত ১টা অৰ্ধশতকো আছিল ।

ৰেংকিঙৰ শীৰ্ষ ৫ বেটছমেন-

ৰেংকিঙৰ শীৰ্ষ ৫ বেটছমেনৰ ওপৰত চকু ফুৰালে অভিষেক শৰ্মা প্ৰথম আৰু ঈশান কিষান দ্বিতীয় স্থানত আছে । পাকিস্তানৰ ছাহিবজাদা ফাৰহানে ৮৪৮ ৰেটিংৰে তৃতীয় স্থানত আছে । পাকিস্তানী বেটছমেনগৰাকী এটা স্থান অৱনমিত হৈছে । ইংলেণ্ডৰ ফিল ছল্ট ৭৯২ ৰেটিংৰে চতুৰ্থ স্থানত আছে । শ্ৰীলংকাৰ পাথুম নিছাংকাই ৭৬৬ ৰেটিংৰে পঞ্চম স্থানত আছে ।

লগতে পঢ়ক : টি-২০ৰ পাছত এইবাৰ মিছন এদিনীয়া বিশ্বকাপ: গুৰু গম্ভীৰে ক’লে কেতিয়াৰ পৰা আৰম্ভ হ’ব প্ৰস্তুতি