"বংগ দুৰ্বল হ'লে আমি দিল্লী চৰকাৰক উফৰাই দিম"; বিজেপিক তীক্ষ্ণ সমালোচনা মমতা বেনাৰ্জীৰ

“বংগ দুৰ্বল হ’লে আমি দিল্লী চৰকাৰক উফৰাই দিম”; বিজেপিক তীক্ষ্ণ সমালোচনা মমতা বেনাৰ্জীৰ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিৰ ওপৰত তীক্ষ্ণ সমালোচনা কৰি কেন্দ্ৰীয় চৰকাৰে বংগৰ ৰাজনীতিত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত তীব্ৰ আক্ৰমণ কৰি ৰাজ্যখনৰ ৰাজনীতিত হস্তক্ষেপ কৰা বুলি অভিযোগ কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে সকীয়নী দিছে যে এনে হেঁচা অব্যাহত থাকিলে

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিৰ ওপৰত তীক্ষ্ণ সমালোচনা কৰি কেন্দ্ৰীয় চৰকাৰে বংগৰ ৰাজনীতিত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰে।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত তীব্ৰ আক্ৰমণ কৰি ৰাজ্যখনৰ ৰাজনীতিত হস্তক্ষেপ কৰা বুলি অভিযোগ কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে সকীয়নী দিছে যে এনে হেঁচা অব্যাহত থাকিলে দিল্লী চৰকাৰো উফৰাই দিব পাৰে।

মমতা বেনাৰ্জীয়ে কয় যে,ৰাজভৱনক বিজেপিৰ দলীয় কাৰ্যালয়লৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে আৰু নিৰ্বাচনৰ সময়ত ধন বিতৰণৰ পৰিকল্পনা কৰা হৈছে। তেওঁ অভিযোগ কৰিছে যে,ৰাজ্যলৈ যি সকল লোকক প্ৰেৰণ কৰা হৈছে, তেওঁলোক বিজেপিৰ কেডাৰ।

মুখ্যমন্ত্ৰী মমতাই জগদীপ ধনড়ৰ আৰু মহাৰাষ্ট্ৰৰ নেতা অজিত পাৱাৰৰ কথা উল্লেখ কৰি কয় তেওঁৰ লগত যিবোৰ সংঘটিত হ’ল, সেই বিষয়ে তেওঁ ইতিমধ্যে সঁচা কথা কৈছে।তেওঁ কেন্দ্ৰীয় চৰকাৰে অহংকাৰৰ ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপন কৰে আৰু কয় যে বৰ্তমানৰ চৰকাৰখন মিত্ৰশক্তিৰ সহযোগত চলি আছে।

মমতা বেনাৰ্জীয়ে লগতে কয় যে, ভোট কৰ্তন কৰি বিজেপিয়ে বংগক ভাগ কৰিব নোৱাৰে।বংগই যুঁজিব জানে আৰু ৰাজ্যৰ জনসাধাৰণে নিজৰ অধিকাৰৰ বাবে যুঁজি থাকিব।

লগতে পঢ়ক: জেডিইউত যোগদানৰ পূৰ্বেই সক্ৰিয় হৈছে নীতিশৰ পুত্ৰ নিশান্ত; পুৱাই দলীয় নেতাৰ সৈতে বৈঠক

শেহতীয়া প্ৰৱন্ধসমূহ