ৰেপাৰ বাদশ্বাহৰ নতুন গীত ‘ততিৰী’ক লৈ পুনৰ বিপদত পৰিছে। গীতটোৰ কথাত নাৰীৰ বিৰুদ্ধে অপমানজনক শব্দ সন্নিবিষ্ট কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে।
বলীউডৰ ৰেপাৰ বাদশ্বাহ সদায় কোনোবা নহয় কোনোবা কাৰণত শিৰোনাম দখল কৰিয়েই থাকে। লাগিলে সেয়া তেওঁৰ ওজন হ্ৰাস হোৱাই হওক বা নতুন গানেই হওক। পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে বাদশ্বাহ। কিছুদিন পূৰ্বে বাদশ্বাহৰ নতুন গীত ‘ততিৰী’ মুক্তি পাইছিল, য’ত হাৰিয়ানাৰ স্কুলীয়া ছোৱালীক চিত্ৰিত কৰা হৈছে। এতিয়া এই গীতটোক লৈ এক বৃহৎ বিতৰ্কৰ সৃষ্টি হৈছে।
গীতটোৰ আপত্তিজনক কথাৰ বাবেই বাদশ্বাহৰ নতুন গীত ‘ততিৰী’ বিতৰ্কৰ মাজত সোমাই পৰিছে।গীতটোৰ কিছুমান কথা যথেষ্ট আপত্তিজনক আৰু অশ্লীল,যাৰ বাবে হাৰিয়ানা মহিলা আয়োগে ৰেপাৰগৰাকীলৈ চমন প্ৰেৰণ কৰিছে।ইয়াৰ বাহিৰেও নাৰী আৰু নাবালিকা ছোৱালীক গীতটোত ভুল ধৰণে দেখুওৱা হৈছিল।
কোনো গীতত স্কুলৰ পোছাক পৰিহিত ছোৱালীক দেখুওৱাটো হাৰিয়ানাৰ সংস্কৃতৰ বিৰোধী।মহিলা আয়োগে নিজাববীয়াকৈ এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিছে। তেওঁলোকে ১৩ মাৰ্চ, ২০২৬ তাৰিখে পুৱা ১১:৩০ বজাত হাৰিয়ানাৰ পানীপাট চহৰত বাদশ্বাহক শুনানিৰ বাবে মাতি পঠাইছে।
পানীপতৰ নাৰী তুমি নাৰায়ণী মহিলা সংগঠনৰ সভানেত্ৰী সবিতা আৰ্য্য আৰু শিৱ আৰতি ফাউণ্ডেশ্যনৰ মুৰব্বী শিৱ কুমাৰৰ অভিযোগৰ ভিত্তিত মহিলা আয়োগে এই জাননী জাৰি কৰিছে।ইয়াৰ উপৰিও ৰোহটকৰ অধিবক্তা ৰাজ নাৰায়ণ পাংঘলে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগলৈও এখন এজাহাৰ প্ৰেৰণ কৰিছে।
অভিযোগত বাদশ্বাহৰ ৰেপ গীতটোৰ শাৰী ‘আয়া বাদশ্বাহ দোলি চাদানে,‘সকলোকে ঘোঁৰা বনোৱা’ৰ ওপৰটো আপত্তি উত্থাপন কৰা হৈছে।হাৰিয়ানাৰ পঞ্চকুলাতো বাদশ্বাহৰ বিৰুদ্ধে এফআইআৰ ৰুজু হৈছে,ইয়াৰ কাৰণো গীতটোৰ আপত্তিজনক কথা বুলি কোৱা হৈছে।
লগতে পঢ়ক: ‘জেলাৰ ২’ত শ্বাহৰুখ খানৰ সৈতে দেখা যাব ৰজনীকান্তক!মোহনলালৰ ষ্টাইলিষ্টে দিলে ইংগিত









