ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা এখন খেলত ভাৰতীয় দলে ৱেষ্ট ইণ্ডিজক ৫ উইকেটত পৰাস্ত কৰি টি-২০ বিশ্বকাপ ২০২৬ৰ ছেমি ফাইনেলৰ টিকত নিশ্চিত কৰে
টি-২০ বিশ্বকাপ ২০২৬ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ডিফেণ্ডিং চেম্পিয়ন ভাৰতীয় দল । দেওবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা এখন খেলত ভাৰতীয় দলে ৱেষ্ট ইণ্ডিজক ৫ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলৰ টিকত নিশ্চিত কৰে । উল্লেখ্য যে, ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি নক আউটত পৰাস্ত কৰা ভাৰতে ষষ্ঠবাৰৰ বাবে টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । অহা ৫ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ ২০২৬ৰ ছেমি ফাইনেল মেচত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে খেলিব ।
৫ মাৰ্চৰ ছেমি ফাইনেলৰ পূৰ্বে জানক টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ নক আউট পৰ্যায়ৰ মেচৰ অভিলেখ-
২০০৭ চনত ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে ভাৰতে-
২০০৭ চনত অনুষ্ঠিত হোৱা উদ্বোধনী টি-২০ বিশ্বকাপত চেম্পিয়ন ভাৰতীয় দলটোৱে ছেমি ফাইনেল টিকট নিশ্চিত কৰিছিল । মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতীয় দলটোৱে ছেমিত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল । যুৱৰাজ সিঙে বিস্ফোৰক বেটিং প্ৰদৰ্শনেৰে ৩০ বলত ৭০ ৰান সংগ্ৰহ কৰিছিল । ইফালে ধোনীয়ে ২০০ৰো অধিক ষ্ট্ৰাইক ৰেটত ১৮টা বলত অপৰাজিত ৩৬ ৰান কৰি সংগ্ৰহ কৰিছিল । প্ৰথমে বেটিং কৰি ভাৰতে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৮৮ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে অষ্ট্ৰেলিয়াই ৭টা উইকেট হেৰুৱাই মাত্ৰ ১৭৩ ৰানহে সংগ্ৰহ কৰে । ইৰফান পাঠান আৰু যোগীন্দৰ শৰ্মাই দুটাকৈ উইকেট দখল কৰে ।
২০১৪ত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিছিল ভাৰতে-
২০০৭ চনত খিতাপ জয় কৰাৰ পিছত ভাৰতীয় দলটোৱে ৭ বছৰৰ পাছত পৰৱৰ্তী টি-২০ বিশ্বকাপৰ ছেমি ফাইনেল খেলাৰ সুযোগ লাভ কৰে । ২০১৪ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেল ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিছিল । প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই ২০ অভাৰত চাৰি উইকেটত ১৭২ ৰান সংগ্ৰহ কৰে । অৱশ্যে টিম ইণ্ডিয়াই ১৯.১ অভাৰত মাত্ৰ ৪টা উইকেট হেৰুৱাই ১৭৩ ৰানৰ লক্ষ্যত উপনীত হয় । বিৰাট কোহলীয়ে ৪৪টা বলত অপৰাজিত ৭২ ৰান সংগ্ৰহ কৰে ।
২০১৬ত ৱেষ্ট ইণ্ডিজে ভাঙিছিল কোটি কোটি ভাৰতীয় হৃদয়-
ঘৰুৱা মাটিত অনুষ্ঠিত হোৱা ২০১৬ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত টিম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিছিল । প্ৰথমে বেটিং কৰি ভাৰতে ২০ অভাৰত দুটা উইকেটত ১৯২ ৰান সংগ্ৰহ কৰে । বিৰাট কোহলীয়ে ৮৯ আৰু ৰোহিত শৰ্মাই ৪৩ ৰানৰ শক্তিশালী অৱদান অগবঢ়াইছিল । অৱশ্যে লেণ্ডল ছিমনছৰ অপৰাজিত ৮২ আৰু জনছন চাৰ্লছৰ ৩৬ বলত ৫২ ৰানৰ ফলত কেৰিবিয়ান দলটোৱে ১৯৩ ৰানৰ লক্ষ্যত উপনীত হয় ।
২০২২ত ইংলেণ্ড হাতত পৰাস্ত-
অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা ২০২২ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত ভাৰতীয় দলটোৱে শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল । ৩৩ বলত হাৰ্দিক পাণ্ডিয়াৰ শক্তিশালী ৬৩ ৰান আৰু বিৰাট কোহলীৰ ৫০ ৰানৰ বাবে ভাৰতে ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৬৮ ৰান সংগ্ৰহ কৰে । অৱশ্যে জোছ বাটলাৰ আৰু এলেক্স হেলছৰ বিস্ফোৰক বেটিঙৰ বাবে ইংলেণ্ডে এটা উইকেট হেৰুৱাই ১৬৯ ৰানৰ লক্ষ্যত উপনীত হয় ।
২০২৪ত ইংলেণ্ডৰ বিৰুদ্ধে পোতক তোলে ভাৰতীয় দলে-
২০২৪ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতীয় দলটোৱে ইংলেণ্ডক পৰাস্ত কৰি পূৰ্বৰ বিশ্বকাপত পৰাজয়ৰ প্ৰতিশোধ লয় । প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ২০ অভাৰত ৭ উইকেটত ১৭১ ৰান সংগ্ৰহ কৰে । ৰোহিত শৰ্মাই ৩৯টা বলত ৫৭ ৰানৰ শক্তিশালী ইনিংছ খেলাৰ বিপৰীতে সূৰ্যকুমাৰ যাদৱে ৪৭ ৰানৰ বৰঙণি আগবঢ়ায় । ইয়াৰ পিছতে কুলদীপ যাদৱ আৰু অক্ষৰ পেটেলৰ স্পীন ভেল্কীত ইংৰাজ বেটছমেনসকলে সহজেই হাৰ মানি লয় । ইংলেণ্ডে মাত্ৰ ১০৩ ৰানত বল আউট হোৱাৰ বিপৰীতে কুলদীপ আৰু অক্ষৰে তিনিটাকৈ উইকেট দখল কৰে ।
লগতে পঢ়ক : আইচিচিৰ এদিনীয়া ৰেংকিঙত ভাৰতীয় তাৰকাৰ দপদপনি









