'যেতিয়ালৈকে লক্ষ্যত উপনীত নহয়,ইৰাণৰ ওপৰত আক্ৰমণ অব্যাহত থাকিব’; ট্ৰাম্প

‘যেতিয়ালৈকে লক্ষ্যত উপনীত নহয়,ইৰাণৰ ওপৰত আক্ৰমণ অব্যাহত থাকিব’; ট্ৰাম্প

ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে আক্ৰমণ চলাই থকাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ কৈছে লক্ষ্যত উপনীত নোহোৱালৈকে ইৰাণৰ ওপৰত আক্ৰমণ চলি থাকিব। ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ যৌথ সামৰিক আক্ৰমণ চলি আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ ইৰাণক সকীয়াই দিছে। ট্ৰাম্পে

ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে আক্ৰমণ চলাই থকাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ কৈছে লক্ষ্যত উপনীত নোহোৱালৈকে ইৰাণৰ ওপৰত আক্ৰমণ চলি থাকিব।

ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ যৌথ সামৰিক আক্ৰমণ চলি আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ ইৰাণক সকীয়াই দিছে। ট্ৰাম্পে সকীয়নী দিছে যে যেতিয়ালৈকে ৱাশ্বিংটনৰ সকলো লক্ষ্যত উপনীত নহয় তেতিয়ালৈকে ইৰাণৰ সৈতে যুঁজ অব্যাহত থাকিব।

ট্ৰুথ ছ’চিয়েলত প্ৰকাশ কৰা এটা ভিডিঅ’যোগে ট্ৰাম্পে নিশ্চিত কৰিছে যে আমেৰিকাৰ তিনিজন সেৱাৰ সদস্য নিহত হৈছে।তেওঁ কৈছে যে, যুদ্ধত এনে সৰু সুৰা ঘটনা ঘটি থাকে।লগতে তেওঁ কয় যে সম্ভৱতঃ অধিক লোকক হত্যা কৰা হ’ব আৰু আমেৰিকানসকলৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ’ব।

ট্ৰাম্পে কয় যে, ‘বৰ্তমান যুঁজখন সম্পূৰ্ণ শক্তিৰে চলি আছে আৰু আমাৰ সকলো উদ্দেশ্য পূৰণ নোহোৱালৈকে এই যুঁজখন বন্ধ নহ’ব।আমাৰ উদ্দেশ্য অতি শক্তিশালী”।

লগতে পঢ়ক: আমেৰিকা-ইৰাণ যুদ্ধত এইবাৰ হিজবুল্লাহৰ অংশগ্ৰহণ; যুদ্ধবিৰতি ভংগ কৰি ইজৰাইলৰ ওপৰত নিশাটো মিছাইল নিক্ষেপ

শেহতীয়া প্ৰৱন্ধসমূহ