সন্ধিয়া ৭ বজাত কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’ব ছুপাৰ-৮ৰ হাই ভল্টেজ মেচখন
চলিত টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ৰ অন্তিমখন মেচত আজি মুখামুখি হ’ব ভাৰত-ৱেষ্ট ইণ্ডিজ । ভাৰতৰ বাবে এই মেচ হ’ব অগ্নিপৰীক্ষা । কিয়নো এই মেচৰ ওপৰতে নিৰ্ভৰ কৰিছে ভাৰতৰ ছেমি ফাইনেলৰ টিকট । সন্ধিয়া ৭ বজাত কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’ব ছুপাৰ-৮ৰ হাই ভল্টেজ মেচখন । ছেমিফাইনেলত স্থান লাভৰ বাবে এইখন “ভাৰ্চুৱেল কোৱাৰ্টাৰ ফাইনেল” বুলি গণ্য কৰা হৈছে । খেলখনৰ পূৰ্বে ভগৱানৰ আশীৰ্বাদ বিচাৰি ভাৰতীয় খেলুৱৈসকল মন্দিৰত উপস্থিত হোৱা পৰিলক্ষিত হয় ।
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, য’ত দেখা গৈছে যে মেচৰ পূৰ্বে অক্ষৰ পেটেল, অভিষেক শৰ্মা আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱে কলকাতাৰ কালিঘাট কালী মন্দিৰ পৰিদৰ্শন কৰিছে । সূৰ্যৰ পত্নী দেৱীশা শ্বেট্টীকো তেওঁৰ সৈতে দেখা যায় ।
উল্লেখ্য যে, ইণ্ডিয়া-ৱেষ্ট ইণ্ডিজৰ খেলখনত বিজয়ী দলটো পোনে পোনে ছেমিফাইনেলত প্ৰৱেশ কৰিব । ইতিমধ্যে দক্ষিণ আফ্ৰিকা গ্ৰুপ-১ৰ ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে জিম্বাবুৱে বাহিৰ হৈছে । ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ছেমিফাইনেলৰ যুঁজ অব্যাহত আছে । দুয়োটা দলে দুখনকৈ মেচ খেলি এখনকৈ জয়লাভ কৰি দুটাকৈ পইণ্ট লাভ কৰিছে ।
এতিয়া এইখন মেচত বিজয়ী দলটোৱে চাৰি পইণ্ট লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিব । কোনটো দলে খেলখনত জয়লাভ কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে সেয়া আজি নিশা স্পষ্ট হৈ পৰিব ।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছুপাৰ-৮ৰ প্ৰথমখন খেলত ভাৰত আৰু ৱেষ্ট ইণ্ডিজে প্ৰত্যেকেই পৰাস্ত হৈছিল । কিন্তু দুয়োটা দলে জিম্বাবুৱেৰ বিৰুদ্ধে এখন এখন খেলত জয়লাভ কৰে । এতিয়া কোনটো দলে আনটোৰ বিৰুদ্ধে জয়লাভ কৰি ছেমি ফাইনেলৰ পথ নিশ্চিত কৰে তাৰ বাবে অপেক্ষাৰত অনুৰাগী ।
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মেচৰ বাবে ভাৰতৰ সম্ভাৱ্য মূল একাদশ :
সঞ্জু চেমছন (উইকেটকীপাৰ), অভিষেক শৰ্মা, ঈশান কিষাণ, তিলক বাৰ্মা, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং ।
লগতে পঢ়ক : ডুবাইত আবদ্ধ ভাৰতীয় বেডমিন্টন তাৰকা পিভি সিন্ধু, বিমানবন্দৰৰ পৰা বৰ্ণনা কৰিলে ভংয়কৰ দৃশ্য









