ভাৰতৰ কিংবদন্তি বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুয়ে ব্ৰিটেইনলৈ টুৰ্ণামেণ্টৰ বাবে যাত্ৰা কৰিছিল যদিও তাত উপস্থিত হোৱাৰ পূৰ্বে ডুবাইত আবদ্ধ হৈ পৰে
ইজৰাইল-আমেৰিকাৰ সৈতে ইৰাণৰ মুকলি যুদ্ধ আৰম্ভ হৈছে আৰু ইয়াৰ প্ৰভাৱ উপসাগৰীয় বহু দেশতো পৰা দেখা গৈছে । ধাৰাবাহিকভাৱে চলি থকা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ বাবে ইৰাণ, ইজৰাইল আৰু চুবুৰীয়া দেশসমূহত বিমান পৰিবহণ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে, যাৰ ফলত বহু লোক বিভিন্ন বিমানবন্দৰত আবদ্ধ হৈ পৰিছে । ইউ এ ইত ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, বন্ধ হৈ পৰাৰ ফলত হাজাৰ হাজাৰ লোক আবদ্ধ হৈ পৰিছে । ইয়াৰ ভিতৰত আছে ভাৰতৰ কিংবদন্তি বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু, যিয়ে ব্ৰিটেইনলৈ টুৰ্ণামেণ্টৰ বাবে যাত্ৰা কৰিছিল যদিও তাত উপস্থিত হোৱাৰ পূৰ্বে ডুবাইত আবদ্ধ হৈ পৰে ।
কেইবা সপ্তাহ ধৰি ভাবুকিৰ পিছত ইজৰাইল আৰু ইৰাণে ২৮ ফেব্ৰুৱাৰী শনিবাৰে পুৱা ইৰাণৰ ওপৰত নিৰ্বিচাৰে আক্ৰমণ চলায় । ইৰাণে ইজৰাইলত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি প্ৰতিশোধ লয় । ইউ এ ইকে ধৰি আমেৰিকাৰ সামৰিক ঘাটি থকা দেশসমূহকো ইৰানে লক্ষ্য কৰি লয় । ডুবাইৰ ওপৰতো ইৰাণে ক্ষেপণাস্ত্ৰও নিক্ষেপ কৰে, যিবোৰ ইউ এ ইৰ সেনাই ধ্বংস কৰে ।
ডুবাই বিমানবন্দৰত আবদ্ধ সিন্ধু-
এই আক্ৰমণ-প্ৰত্যাক্ৰমণত ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বন্ধ হৈ পৰে । বিশ্বৰ অন্যতম ব্যস্ত বিমানবন্দৰটো হঠাৎ বন্ধ হোৱাৰ ফলত হাজাৰ হাজাৰ যাত্ৰী আবদ্ধ হৈ পৰে । তাৰ ভিতৰত অন্যতম আছিল ভাৰতৰ অলিম্পিক পদক বিজয়ী শ্বাটলাৰ পি ভি সিন্ধু, তেওঁৰ দলৰ সৈতে বিমানবন্দৰত আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে । অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ ব্ৰিটেইনৰ বাৰ্মিংহামলৈ গৈছিল তেওঁ ।
সিন্ধুৱে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এই তথ্য শ্বেয়াৰ কৰি ভয়ংকৰ দৃশ্যৰ বৰ্ণনা কৰে । সিন্ধুৱে উল্লেখ কৰে যে তেওঁ আৰু তেওঁৰ সমগ্ৰ দলটো নিৰাপদ, কিন্তু সকলোৱে ভয় খাইছে কাৰণ তেওঁলোকে মিছাইলৰ শব্দ শুনিছে । লগতে উল্লেখ কৰে যে যুদ্ধসদৃশ ভিডিঅ’বোৰে মানুহক অশান্তি দিছে আৰু বিমানবন্দৰত বিশৃংখলতাৰ সৃষ্টি কৰিছে । ইয়াক আজিৰ সময়ৰ দুখজনক বাস্তৱ বুলি অভিহিত কৰি সিন্ধুৱে আশা প্ৰকাশ কৰে যে অতি সোনকালে পৰিস্থিতিৰ উন্নতি হ’ব ।
লগতে পঢ়ক : ছুপ্ৰিম লীডাৰ আলী খেমেইনীৰ মৃত্যু, ইৰাণৰ সেনাই নিশ্চিত কৰিছে তথ্য









