আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেইনী এক অভিযানত নিহত হৈছে
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ পিছত এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেইনী এক অভিযানত নিহত হৈছে । খামেইনীৰ মৃত্যু নিশ্চিত কৰি ট্ৰাম্পে ছ’চিয়েল মিডিয়াত এক দীঘলীয়া বিবৃতি প্ৰকাশ কৰে । তেওঁ খামেইনীক ইতিহাসৰ অন্যতম নিৰ্দয় ব্যক্তি বুলি অভিহিত কৰি ইৰাণৰ জনসাধাৰণক ৰাজপথলৈ ওলাই আহি নিজৰ দেশখন ঘূৰাই ল’বলৈ আহ্বান জনায় ।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত এটা পোষ্টযোগে ইৰাণৰ উচ্চতম নেতা আলী খামেইনীৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে । ট্ৰাম্পে কয় যে ইজৰাইলৰ সহযোগত চলোৱা অতি নিখুঁত আৰু অত্যাধুনিক গোপন অভিযানৰ বাবে খামেইনী আৰু তেওঁৰ সৈতে উপস্থিত থকা আন নেতাসকলে পলায়ন কৰিব পৰা নাছিল । এই সামৰিক অভিযানে ইৰাণৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ যথেষ্ট ক্ষতিসাধন কৰে ।
ট্ৰাম্পৰ মতে ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ড, সেনা, আৰক্ষী বাহিনীৰ বহু সদস্যই আৰু যুঁজিব নিবিচাৰে আৰু আমেৰিকাৰ পৰা ৰক্ষাকৱচ বিচাৰিছে । ৰাষ্ট্ৰপতিগৰাকীয়ে সকীয়াই দিয়ে যে মধ্যপ্ৰাচ্যত শান্তিৰ লক্ষ্যত উপনীত হ’বলৈ গোটেই সপ্তাহটো বা প্ৰয়োজন অনুসৰি আক্ৰমণ চলি থাকিব ।
ট্ৰাম্পে খামেইনীক ইতিহাসৰ অন্যতম নিৰ্দয় ব্যক্তি বুলি অভিহিত কৰে । তেওঁ কয় যে এইটো কেৱল ইৰাণৰ জনসাধাৰণৰ বাবেই নহয়, খামেইনীয়ে লক্ষ্য কৰি লোৱা আমেৰিকান আৰু বিশ্বৰ নাগৰিকসকলৰ বাবেও ন্যায় ।
ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে তেওঁৰ চোৰাংচোৱা আৰু ট্ৰেকিং চিষ্টেমৰ বাবে শত্ৰু পলায়ন কৰিবলৈ সক্ষম হোৱা নাই । তেওঁ ইৰাণী দেশপ্ৰেমীসকলৰ বাবে নিজৰ দেশখনক পুনৰ মহান কৰি তোলাৰ এয়া আটাইতকৈ ডাঙৰ সুযোগ বুলি অভিহিত কৰে ।
ইৰাণৰ নিৰাপত্তা বাহিনীৰ ভিতৰত সৃষ্টি হোৱা বিশৃংখলতা সন্দৰ্ভত ট্ৰাম্পে এক বৃহৎ বক্তব্য আগবঢ়ায় । তেওঁ উল্লেখ কৰে যে বহু জোৱান আৰু নিৰাপত্তাৰক্ষীয়ে এতিয়া সহায়ৰ বাবে আমেৰিকাৰ ফালে চাই আছে । তেওঁলোকৰ প্ৰতি ট্ৰাম্পৰ বাৰ্তা আছিল, “এতিয়া তেওঁলোকে ক্ষমা পাব পাৰে, পিছত তেওঁলোকে কেৱল মৃত্যুহে পাব !” তেওঁ আশা প্ৰকাশ কৰে যে আই আৰ জি চি আৰু আৰক্ষীয়ে ইৰাণৰ দেশপ্ৰেমিকসকলৰ সৈতে শান্তিপূৰ্ণভাৱে যোগ দি দেশখন পুনৰ নিৰ্মাণ কৰিব ।
ৰাষ্ট্ৰপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে কেৱল খামেইনীৰ মৃত্যুৱেই যথেষ্ট নহয়, ইৰাণৰ সামৰিক শক্তি বহু পৰিমাণে ধ্বংস হৈছে । তেওঁ সকীয়াই দিয়ে যে কৌশলগত লক্ষ্যত গধুৰ আৰু নিখুঁত আক্ৰমণ বিৰতি নোহোৱাকৈ অব্যাহত থাকিব ।
লগতে পঢ়ক : ইজৰাইলৰ আক্ৰমণত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী নাছিৰজাদেহৰ মৃত্যুৰ দাবী









