বাবুল সুপ্ৰিয়োকে ধৰি ৰাজ্যসভাৰ ৪ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা টিএমচিৰ...

বাবুল সুপ্ৰিয়োকে ধৰি ৰাজ্যসভাৰ ৪ গৰাকী প্ৰাৰ্থীৰ  নাম ঘোষণা টিএমচিৰ…

তৃণমূল কংগ্ৰেছে পশ্চিম বংগত ৰাজ্যসভা নিৰ্বাচনৰ বাবে ৪ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে টিএমচিৰ প্ৰাৰ্থীৰ তালিকাত বাবুল সুপ্ৰিয়ৰ নাম আছে। তৃণমূল কংগ্ৰেছ (TMC) এ পশ্চিম বংগত ৰাজ্যসভা নিৰ্বাচনৰ বাবে ৪ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এইবাৰ টিএমচি দলটোৱে প্ৰশাসনিক, আইনী আৰু গ্লেমাৰ জগতৰ

তৃণমূল কংগ্ৰেছে পশ্চিম বংগত ৰাজ্যসভা নিৰ্বাচনৰ বাবে ৪ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে টিএমচিৰ প্ৰাৰ্থীৰ তালিকাত বাবুল সুপ্ৰিয়ৰ নাম আছে।

তৃণমূল কংগ্ৰেছ (TMC) এ পশ্চিম বংগত ৰাজ্যসভা নিৰ্বাচনৰ বাবে ৪ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এইবাৰ টিএমচি দলটোৱে প্ৰশাসনিক, আইনী আৰু গ্লেমাৰ জগতৰ  এক অনন্য মিশ্ৰণ উপস্থাপন কৰিছে।

টিএমচিয়ে বাবুল সুপ্ৰিয়ো, পশ্চিম বংগৰ প্ৰাক্তন ডিজিপি ৰাজীৱ কুমাৰ,জ্যেষ্ঠ অধিবক্তা মেনকা গুৰুস্বামী আৰু বাংলা চলচ্চিত্ৰ অভিনেত্ৰী ক’ৱেল মালিকক প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে।

দলটোৱে এক আনুষ্ঠানিক বিবৃতিত কয় যে,এই সকলো প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আশা কৰা হৈছে যে তেওঁলোকে তৃণমূল কংগ্ৰেছৰ সংগ্ৰামী উত্তৰাধিকাৰ আৰু প্ৰতিজন ভাৰতীয়ৰ অধিকাৰ আৰু মৰ্যাদা ৰক্ষাৰ সংকল্পক আগুৱাই লৈ যাব।

ৰাজীৱ কুমাৰে শেহতীয়াকৈ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ শেষৰটো পোষ্টিং পশ্চিম বংগৰ ডিজিপি হিচাপে আছিল।তেওঁক  মুখ্যমন্ত্ৰী তথা টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীৰ ঘনিষ্ঠ বিষয়াৰ ভিতৰত গণ্য কৰা হৈছে। ৰাজ্যত কেইবাটাও স্পৰ্শকাতৰ গোচৰৰ সময়ত তেওঁৰ ভূমিকা বাতৰিৰ শিৰোনামত আছিল।

বাংলা চিনেমাৰ এগৰাকী সুপৰিচিত অভিনেত্ৰী ক’ৱেল মালিককো ৰাজ্যসভাৰ বাবে টিএমচিয়ে মনোনীত কৰিছে।তেওঁ বঙালী চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেতা ৰঞ্জিত মলিকৰ কন্যা।তেওঁ বহু সফল ছবিত কাম কৰি নিজৰ বাবে এক সুকীয়া পৰিচয় গঢ়ি তুলিছে।অৱশ্যে এতিয়ালৈকে ক’ৱেল সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আছে।

লগতে পঢ়ক: ‘আদালতে মোৰ বিৰুদ্ধে থকা গোচৰটো সম্পূৰ্ণ ভুৱা বুলি ঘোষণা কৰিছে’; অৰবিন্দ কেজৰিৱাল