সুৰা কেলেংকাৰীত দোষমুক্ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

সুৰা কেলেংকাৰীত দোষমুক্ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছ’দিয়াক সকলো অভিযোগৰ পৰা মুক্ত কৰিছে আদালতে দিল্লীৰ অতি বিতৰ্কিত সুৰা নীতিৰ সৈতে জড়িত গোচৰত ৰাউছ এভিনিউ আদালতে এক উল্লেখযোগ্য ৰায়দান দিছে । আদালতে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয়

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছ’দিয়াক সকলো অভিযোগৰ পৰা মুক্ত কৰিছে আদালতে

দিল্লীৰ অতি বিতৰ্কিত সুৰা নীতিৰ সৈতে জড়িত গোচৰত ৰাউছ এভিনিউ আদালতে এক উল্লেখযোগ্য ৰায়দান দিছে । আদালতে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছ’দিয়াক সকলো অভিযোগৰ পৰা মুক্ত কৰিছে । দুয়োজনে আদালতৰ পৰা ক্লীন চিট লাভ কৰিছে ।

আদালতে স্পষ্টকৈ উল্লেখ কৰে যে কেৱল দাবীয়েই যথেষ্ট নহয় । যিকোনো অভিযোগক যথেষ্ট আৰু গুৰুত্বপূৰ্ণ প্ৰমাণৰ দ্বাৰা সমৰ্থিত হ’লেহে আদালতে বিশ্বাস কৰিব পাৰে । আদালতে তদন্তকাৰী সংস্থাটোৱে দাখিল কৰা প্ৰমাণ দুৰ্বল আৰু অপৰ্যাপ্ত বুলি উল্লেখ কৰে ।

প্ৰথমে আদালতে আবকাৰী বিভাগৰ প্ৰাক্তন আয়ুক্ত কুলদীপ সিঙক দোষমুক্ত কৰে । ইয়াৰ পিছত মনীষ ছিছ’দিয়াক ৰেহাই দিয়া হয় আৰু তাৰ পিছত অৰবিন্দ কেজৰিৱালক দোষমুক্ত কৰাৰ নিৰ্দেশ জাৰি কৰা হয় ।

অৱশ্যে তদন্তকাৰী সংস্থাটোৱে এই নিৰ্দেশত অসন্তুষ্ট বুলি উল্লেখ কৰি উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব বুলি উল্লেখ কৰে । চিবিআইৰ অধিবক্তাই ইংগিত দিছে যে এই আদেশৰ বিশদ অধ্যয়নৰ অন্তত উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হ’ব ।

দোষমুক্ত হোৱাৰ পিছত কি ক’লে অৰবিন্দ কেজৰিৱালে ?

দিল্লীৰ সুৰা নীতিৰ সৈতে জড়িত গোচৰত আদালতে দোষমুক্ত ঘোষণা কৰাৰ পিছত আৱেগিক হৈ পৰা দেখা গ’ল অৰবিন্দ কেজৰিৱালক । ৰায়দানৰ পিছত কেজৰিৱালে কয় যে তেওঁৰ বিৰুদ্ধে সমগ্ৰ গোচৰটো তেওঁৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ ডিজাইন কৰা হৈছে । তেওঁ অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে একেলগে আম আদমী পাৰ্টিক ধ্বংস কৰাৰ বাবে স্বাধীন ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰিছিল । তেওঁ কয় যে দলৰ পাঁচজন জ্যেষ্ঠ নেতাক জেলত ভৰোৱা হৈছে আৰু এজন মুখ্যমন্ত্ৰীক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ভৰোৱাটো ভাৰতৰ ইতিহাসত আগতে কেতিয়াও হোৱা নাছিল ।

কেজৰিৱালে উল্লেখ কৰে যে তেওঁক ছমাহৰ বাবে কাৰাদণ্ড দিয়া হৈছিল, আনহাতে মনীষ ছিছ’দিয়া প্ৰায় দুবছৰ কাৰাবাসত আছিল । তেওঁ কয় যে টিভি চেনেলত তেওঁক বদনাম কৰা হৈছিল আৰু দুৰ্নীতিগ্ৰস্ত বুলি কোৱা হৈছিল । প্ৰধানমন্ত্ৰীক সম্বোধন কৰি তেওঁ সকীয়াই দিয়ে যে ক্ষমতাৰ স্বাৰ্থত দেশ আৰু সংবিধানৰ লগত আপোচ কৰা উচিত নহয় । ক্ষমতা বাঞ্ছনীয় হ’লে ভাল কামৰ জৰিয়তে লাভ কৰিব লাগে বুলি তেওঁ কয় ।

লগতে পঢ়ক : ভাৰত-পাকিস্তান সীমান্তত ‘প্ৰচণ্ড’ হেলিকপ্টাৰত সহ-পাইলটৰ ৰূপত ৰাষ্ট্ৰপতি মুৰ্মু