ছেমিফাইনেলৰ দিশে এখোজ টীম ইণ্ডিয়াৰ; সৰ্বোচ্চ স্ক’ৰ কৰাৰ পাছত ৭২ ৰানত জয়লাভ

ছেমিফাইনেলৰ দিশে এখোজ টীম ইণ্ডিয়াৰ; সৰ্বোচ্চ স্ক’ৰ কৰাৰ পাছত ৭২ ৰানত জয়লাভ

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত জিম্বাবৱেক ৭২ ৰানত পৰাস্ত কৰিলে ভাৰতে।এই জয়েৰে টীম ইণ্ডিয়াই ছেমিফাইনেলৰ দিশে এখোজ আগবাঢ়ি গৈছে। বৃহস্পতিবাৰে (২৬ ফেব্ৰুৱাৰী) চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ ৰাউণ্ডত ভাৰতে জিম্বাবৱেৰ বিৰুদ্ধে খেলিছিল। এই মেচখনত ভাৰতীয় দলটোৱে

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত জিম্বাবৱেক ৭২ ৰানত পৰাস্ত কৰিলে ভাৰতে।এই জয়েৰে টীম ইণ্ডিয়াই ছেমিফাইনেলৰ দিশে এখোজ আগবাঢ়ি গৈছে।

বৃহস্পতিবাৰে (২৬ ফেব্ৰুৱাৰী) চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ ৰাউণ্ডত ভাৰতে জিম্বাবৱেৰ বিৰুদ্ধে খেলিছিল।

এই মেচখনত ভাৰতীয় দলটোৱে ৭২ ৰানত জয়লাভ কৰে।মেচখনত ভাৰতীয় দলটোৱে জিম্বাবৱেক ২৫৭ ৰানৰ লক্ষ্য বান্ধি দিছিল,কিন্তু জিম্বাবৱে দলটোৱে ৬ উইকেটত ১৮৪ ৰানহে সংগ্ৰহ কৰে।

ভাৰতীয় দলটোৱে এতিয়া ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিলেহে ছেমি ফাইনেলত প্ৰৱেশ কৰিব লাগিব।অহা ১ মাৰ্চত কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত-ৱেষ্ট ইণ্ডিজৰ খেলখন অনুষ্ঠিত হ’ব।

আজিৰ মেচখনত জিম্বাবৱেই টছত জয়লাভ কৰি টীম ইণ্ডিয়াক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়।এইবাৰ প্লেইং ১১ত সঞ্জু চেমছনে সুযোগ লাভ কৰে।

ধাৰাবাহিকভাৱে ব্যৰ্থ হৈ থকা অভিষেক শৰ্মাই অৱশেষত ৫৫ ৰানৰ অৰ্ধশতকৰ ইনিংছ খেলে। আনহাতে হাৰ্দিক পাণ্ডিয়াই ৫০ ৰান আৰু তিলক বাৰ্মাই ৪৪ ৰানৰ ধুমুহাময় ইনিংছ খেলে। ভাৰতে ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ আটাইতকৈ বেছি আৰু টি-২০ বিশ্বকাপৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক স্ক’ৰ লাভ কৰিছিল।

লগতে পঢ়ক: ২০২৬ চনৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৰ্বাধিক স্ক’ৰ;  জিম্বাবৱেক বান্ধি দিলে ২৫৭ ৰাণৰ লক্ষ্য