‘এয়া মোৰ স্বামী বিজয় ’; ৰশ্মিকা মাণ্ডানাই শ্বেয়াৰ কৰিলে বিয়াৰ প্ৰথমখন ফটো

‘এয়া মোৰ স্বামী বিজয় ’; ৰশ্মিকা মাণ্ডানাই শ্বেয়াৰ কৰিলে বিয়াৰ প্ৰথমখন ফটো

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিবাহ পাশত আৱদ্ধ হ’ল ৰশ্মিকা মাণ্ডানা আৰু বিজয় দেৱৰকোণ্ডা। বিবাহৰ প্ৰথম ফটো শ্বেয়াৰ কৰি ৰশ্মিকাই লিখিলে বিশেষ কেপচন। চাউথ ইণ্ডাষ্ট্ৰীৰ হিট দম্পতী বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মাণ্ডান্নাৰ বিবাহ সম্পন্ন হয়।উদয়পুৰৰ এখন বিলাসী ৰিজ’ৰ্টত ২৬ ফেব্ৰুৱাৰীত দুয়োৱে বিবাহপাশত আবদ্ধ হয়। বিজয়ৰ

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিবাহ পাশত আৱদ্ধ হ’ল ৰশ্মিকা মাণ্ডানা আৰু বিজয় দেৱৰকোণ্ডা। বিবাহৰ প্ৰথম ফটো শ্বেয়াৰ কৰি ৰশ্মিকাই লিখিলে বিশেষ কেপচন।

চাউথ ইণ্ডাষ্ট্ৰীৰ হিট দম্পতী বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মাণ্ডান্নাৰ বিবাহ সম্পন্ন হয়।উদয়পুৰৰ এখন বিলাসী ৰিজ’ৰ্টত ২৬ ফেব্ৰুৱাৰীত দুয়োৱে বিবাহপাশত আবদ্ধ হয়।

বিজয়ৰ সংস্কৃতিক মনত ৰাখি তেলেগু ৰীতি-নীতি অনুসৰি দিনৰভাগত বিয়াখন অনুষ্ঠিত কৰা হয়। আৰু সন্ধিয়া ৰশ্মিকাই কোদাৱ ৰীতি-নীতি অনুসৰি বিবাহ পাশত আৱদ্ধ হ’ব।আৰু অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই বিয়াৰ প্ৰথম ফটো শ্বেয়াৰ কৰাৰ লগতে মৰমলগা কেপচনো লিখিছে।

অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত দম্পতীহালক বিয়াৰ বাবে অভিনন্দন জনাইছে। ৰশ্মিকাই দিনৰ ভাগত এখন ধুনীয়া সোণালী আৰু ৰঙা ৰঙৰ শাৰী পৰিধান কৰাৰ লগতে সোণৰ গহনাও পিন্ধিছিল।

ৰশ্মিকাই নিজৰ বেষ্ট ফ্ৰেণ্ড বিজয়ক মিষ্টাৰ হাজবেণ্ড বুলি উল্লেখ কৰি নিজৰ প্ৰেম প্ৰকাশ কৰে।পোষ্টটোত অভিনেত্ৰীগৰাকীয়ে নিজৰ অনুভৱ প্ৰকাশ কৰি লিখিছে-এতিয়া আপোনালোক সকলোকে চিনাকি কৰাই দিওঁ -মোৰ স্বামী বিজয় দেৱেৰাকোণ্ডা ।

‘মোক প্ৰকৃত প্ৰেমৰ অনুভৱ কেনেকুৱা হয়, সেইজন ব্যক্তিয়ে শিকাইছিল। সেইজন ব্যক্তিয়ে মোক শিকাইছিল যে শান্তিৰে কেনেকৈ থাকিব পাৰে। যিজন ব্যক্তিয়ে মোক প্ৰতিদিনে কৈছিল যে ডাঙৰ সপোন দেখাটো দৰকাৰ, আৰু তেওঁ মোক সদায় আশ্বাস দি থাকিল যে মই ইয়াতকৈ বহু বেছি সাধন কৰিব পাৰিম,যিমান মই কল্পনাও কৰা নাছিলো।  

‘সেইজন ব্যক্তি যিজনে মোক কেতিয়াও এইটো কথাৰ বাবে বাধা দিয়া নাছিল যে মই এনেদৰে নৃত্য কৰো, যেন কোনেও মোক চোৱা নাই।যিজনে মোক শিকাইছিল যে বন্ধুৰ লগত আড্ডা দিয়াটোৱেই পৃথিৱীৰ আটাইতকৈ ভাল কাম। সঁচা কথা ক’বলৈ গ’লে এই মানুহজনৰ ওপৰত গোটেই কিতাপ এখন লিখিব পাৰিম৷আজি মই যি হয়, যিধৰনৰ মহিলা হ’বলৈ সদায় সপোন দেখিছিলো -মই সেইটো হৈ পৰিলোঁ কাৰণ আপুনি মোক সেইটো হোৱাত সমৰ্থন কৰিছিল।মই সঁচাকৈয়ে ধন্য।’

‘বিজ্জু, তোমাৰ প্ৰতি মোৰ যি অনুভৱ হয় তাক প্ৰকাশ কৰিবলৈ মোৰ সদায় শব্দৰ অভাৱ হয় -এই কথা মই তোমাক সদায় কৈ আহিছো।কিন্তু এতিয়া হঠাতে মোৰ সকলো সফলতা, সংগ্ৰাম, সুখ, দুখ, জীৱন – সকলোবোৰেই অধিক গুৰুত্বপূৰ্ণ হ’বলৈ আৰম্ভ কৰিছে…কাৰণ তুমি মোৰ লগত আছা – প্ৰতিটো মুহূৰ্তৰ সাক্ষী, প্ৰতিটোৰে আটাইতকৈ ডাঙৰ অংশ।মই তোমাৰ পত্নী হ’বৰ কাৰণে,তোমাৰ পত্নী বুলি কোৱাৰ বাবে মই অত্যন্ত, অত্যন্ত, অত্যন্ত উৎসাহিত হৈছো।এতিয়া সম্পূৰ্ণ উদযাপনৰ সময়।আমাৰ জীৱনৰ আটাইতকৈ সুন্দৰ কাহিনীটো একেলগে লিখোঁ আহা।মই তোমাক বহুত ভাল পাওঁ।’

লগতে পঢ়ক: ১ টা নহয় ২টা পৰম্পৰাৰে অনুষ্ঠিত হ’ব ৰশ্মিকা-বিজয়ৰ ৰাজকীয় বিবাহ; প্ৰধানমন্ত্ৰী মোদীয়ে দিলে শুভকামনা