টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ পৰ্যায়ত টিম ইণ্ডিয়াৰ বাবে অগ্নি পৰীক্ষা ।
আজি আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ পৰ্যায়ত টিম ইণ্ডিয়াৰ বাবে অগ্নি পৰীক্ষা । আজি দলটোৰ ভাগ্য কেৱল এখন নহয়, দুখন মেচৰ ওপৰত নিৰ্ভৰ কৰিব ।
এখন মেচ যিখনত দলটোৱে নিজে খেলিব আৰু আনখন য’ত দূৰৈৰ চহৰত অনুষ্ঠিত হোৱা মেচৰ যোগে ফলাফল নিৰ্ণয় কৰা হ’ব । গতিকে বৃহস্পতিবাৰৰ দিনটো ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ বাবে এক উত্তেজনাৰে ভৰা দিন ।
চেন্নাইত কেৱল জয় নহয়, বৃহৎ জয় অতি প্ৰয়োজনীয়-
চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত আজি জিম্বাবুৱেৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট দল মৰণপণ যুঁজত অৱতীৰ্ণ হ’ব । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৭৬ ৰানৰ পৰাজয়ৰ ফলত টিম ইণ্ডিয়াৰ নেট ৰানৰ হাৰ -৩.৮০ লৈ হ্ৰাস পাইছে ।
ছেমিফাইনেলৰ আশা জীয়াই ৰাখিবলৈ ভাৰতক আজিৰ মেচত বৃহৎ ব্যৱধানত জয় অতি প্ৰয়োজনীয় । শীৰ্ষ ক্ৰমৰ অস্থিৰতা দলটোৰ বাবে চিন্তাৰ কাৰণ হৈ আছে । দুৰ্বল আৰম্ভণিয়ে মিডল অভাৰত ৰান ৰেট লেহেমীয়া কৰি তুলিছে । গতিকে আজি বেটিং ইউনিটে সামূহিক দায়িত্ব ল’ব লাগিব । অৱশ্যে বলিং দলৰ শক্তি প্ৰমাণিত হৈছে যদিও বিজয়ৰ ব্যৱধানেই লিখিব ভাৰতীয় দলৰ ভাগ্যলিপি ।
দ্বিতীয়খন খেল আহমেদাবাদত-
অৱশ্যে টিম ইণ্ডিয়াৰ বাবে প্ৰকৃত উত্তেজনা কেৱল চেন্নাইতে সীমাবদ্ধ নাথাকে । আজি প্ৰথমখন খেলত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজ দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব । ছুপাৰ-৮ত এতিয়ালৈকে দুয়োটা দল অপৰাজিত হৈ আছে ।
ৱেষ্ট ইণ্ডিজে জিম্বাবুৱেক ১০৭ ৰানত পৰাস্ত কৰি নিজৰ আগ্ৰাসী ৰূপ প্ৰদৰ্শন কৰাৰ বিপৰীতে আফ্ৰিকাই টিম ইণ্ডিয়াক ৭৬ ৰানত পৰাস্ত কৰি সূৰ্য ব্ৰিগেডৰ সকলো সমীকৰণ চূৰমাৰ কৰে ।
দক্ষিণ আফ্ৰিকাই যদি ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰে তেন্তে টিম ইণ্ডিয়াৰ বাবে সমীকৰণ কিছু সহজ হৈ পৰিব । যদিহে ৱেষ্ট ইণ্ডিজ জয়ী হয় তেন্তে পৰিস্থিতি অধিক জটিল হৈ পৰিব আৰু টিম ইণ্ডিয়াই আন দলৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব । তেনে ক্ষেত্ৰত ইয়াৰ আজি দুয়োখন মেচতে জয়ী হ’ব লাগিব আৰু আগন্তুক মেচসমূহৰ ফলাফল ভাৰতৰ পক্ষত যাব বুলি আশা কৰিব লাগিব । অৰ্থাৎ চেন্নাইত খেলা মেচখনৰ দৰেই আহমেদাবাদৰ স্ক’ৰো সমানেই গুৰুত্বপূৰ্ণ হ’ব ।
লগতে পঢ়ক : লক্ষ্য ছেমি ফাইনেল, ‘ডু অৰ ডাই মেচ‘ত আজি জিম্বাবুৱেৰ মুখামুখি হ’ব ভাৰতীয় দল









