প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা এইখিনিৰ পৰাই অনুমান কৰিব পাৰি যে তেওঁৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ তুলনাত দুগুণতকৈও অধিক ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰে ১০ কোটি অতিক্ৰম কৰিলে । তেওঁ এই মাইলৰ খুঁটিত উপনীত হোৱা বিশ্বৰ প্ৰথমজন নেতা হিচাপে পৰিগণিত হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৪ চনত ইনষ্টাগ্ৰামত যোগদান কৰিছিল ।
প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা এইখিনিৰ পৰাই অনুমান কৰিব পাৰি যে তেওঁৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ তুলনাত দুগুণতকৈও অধিক । তদুপৰি বিশ্বৰ আন শীৰ্ষ পাঁচগৰাকী নেতাৰ সংযুক্ত অনুগামীৰ সংখ্যাও প্ৰধানমন্ত্ৰী মোদীৰ তুলনাত কম ।
উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ইনষ্টাগ্ৰামত ৪.৩ কোটি ফ’ল’ৱাৰ আছে । ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ানটোৰ আছে ১.৫ কোটি ফ’ল’ৱাৰ । ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভাৰ ফ’ল’ৱাৰ ১ কোটি ৪০ লাখ । ইফালে তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰদোগানৰ ফ’ল’ৱাৰ ১ কোটি ১০ লাখ আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মেলেইৰ ফ’ল’ৱাৰ ৬৪ লাখ । স্পষ্টভাৱে এই নেতাসকলৰ ফ’ল’ৱাৰৰ মুঠ সংখ্যাও প্ৰধানমন্ত্ৰী মোদীৰ ফ’ল’ৱাৰতকৈ কম ।
আনকি আন ভাৰতীয় নেতাৰ তুলনাতো প্ৰধানমন্ত্ৰী মোদী বহু আগবাঢ়ি আছে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ইনষ্টাগ্ৰামত ১ কোটি ৬০ লাখ ফ’ল’ৱাৰ আছে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ইনষ্টাগ্ৰামত ১ কোটি ২০ লাখ লোকে অনুসৰণ কৰে ।
লগতে পঢ়ক : এতিয়াৰে পৰা ‘কেৰালাম’ নামেৰে জনা যাব কেৰালাক, মোদী কেবিনেটৰ সিদ্ধান্ত









