‘পছন্দৰ ১২ খন আসন পালেহে মিত্ৰতা সম্ভৱ হ’ব’; কংগ্ৰেছৰ সৈতে মিত্ৰতাক লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য

‘পছন্দৰ ১২ খন আসন পালেহে মিত্ৰতা হ’ব’; কংগ্ৰেছৰ সৈতে মিত্ৰতাক লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ এতিয়াও জল্পনা-কল্পনাৰ অন্ত পৰা নাই। এতিয়া এই মিত্ৰতাক লৈ অখিল গগৈৱে ডাঙৰ মন্তব্য কৰিছে। বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ চৰ্চা চলি আছে। তাৰ মাজতে বিধায়ক অখিল গগৈয়ে এই মিত্ৰতাক লৈ ডাঙৰ মন্তব্য কৰিছে। অখিল গগৈয়ে

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ এতিয়াও জল্পনা-কল্পনাৰ অন্ত পৰা নাই। এতিয়া এই মিত্ৰতাক লৈ অখিল গগৈৱে ডাঙৰ মন্তব্য কৰিছে।

বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ চৰ্চা চলি আছে। তাৰ মাজতে বিধায়ক অখিল গগৈয়ে এই মিত্ৰতাক লৈ ডাঙৰ মন্তব্য কৰিছে।

অখিল গগৈয়ে কৈছে যে, ‘কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতাক লৈ এতিয়ালৈকে চূড়ান্ত সিদ্ধান্ত হোৱা নাই।আমি গৌৰৱ গগৈ আৰু জীতেন্দ্ৰ সিঙলৈ পত্ৰ প্ৰেৰণ কৰিছিলো’।

‘১৫খন আসন দাবী কৰি প্ৰেৰণ কৰা হৈছিল এই পত্ৰখন। কিন্তু  গৌৰৱ গগৈ আৰু জীতেন্দ্ৰ সিঙলৈ প্ৰেৰণ কৰা চিঠিৰ উত্তৰ এতিয়াও লাভ কৰা নাই।সেই পত্ৰৰ উত্তৰ অহা নাই বাবেই আমি মিত্ৰতাত আৱদ্ধ হ’ব পৰা নাই’।

অখিল গগৈয়ে কয় যে, ‘আমি ১৫ খন আসন বিচাৰিছো। কিন্তু কংগ্ৰেছে ৰাইজৰ দলক মাত্ৰ ১৩ খন হে আসন দিছে। এই ১৩খন আসন ৰাইজৰ দলৰ পচন্দৰ আসন নহয়। যাৰ বাবে মিত্ৰতাত বাধা আহিছে’।

‘কংগ্ৰেছে দিয়া ৪ খন আসনহে ৰাইজৰ দলৰ পচন্দৰ। যদি কংগ্ৰেছে ১২খন পচন্দৰ আসন দিয়ে তেতিয়াহলে হে মিত্ৰতাৰ বাবে ৰাইজৰ দল মান্তি হ’ব। নহ’লে এই মিত্ৰতা হোৱাটো অসম্ভৱ’।

তেওঁ লগতে কয় যে,’উজনি অসমত ৰাইজৰ দলে অকলে প্ৰতিদ্বন্দ্বিতা কৰিলে কংগ্ৰেছে আসন লাভ কৰাটো কঠিন হ’ব।অৱশ্যে ধিং, নাওবৈচা, বৰচলা, দিশপুৰ আৰু ডিমৌ সমষ্টিক লৈ আলোচনা অব্যাহত আছে’।

লগতে পঢ়ক: পৰিয়ালৰ সৈতে কথা পাতিহে লোৱা হ’ব সিদ্ধান্তঃ জুবিন গাৰ্গৰ তদন্তৰ গোচৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ