দুদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে ইজৰাইললৈ প্ৰধানমন্ত্ৰী মোদী, উৎসাহী নেতেনিয়াহু

দুদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে ইজৰাইললৈ প্ৰধানমন্ত্ৰী মোদী, উৎসাহী নেতেনিয়াহু

বুধবাৰে ইজৰাইলৰ ৰাজধানী টেল আভিভৰ বেন গুৰিয়ান বিমানবন্দৰত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । ২৫ আৰু ২৬ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ইজৰাইল ভ্ৰমণ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । নেতানিয়াহুৰ আমন্ত্ৰণত ৯ বছৰৰ মূৰত ইজৰাইল ভ্ৰমণ কৰিব মোদীয়ে । তেওঁ শেষবাৰৰ বাবে ২০১৭ চনত ইজৰাইল ভ্ৰমণ

বুধবাৰে ইজৰাইলৰ ৰাজধানী টেল আভিভৰ বেন গুৰিয়ান বিমানবন্দৰত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।

২৫ আৰু ২৬ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ইজৰাইল ভ্ৰমণ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । নেতানিয়াহুৰ আমন্ত্ৰণত ৯ বছৰৰ মূৰত ইজৰাইল ভ্ৰমণ কৰিব মোদীয়ে । তেওঁ শেষবাৰৰ বাবে ২০১৭ চনত ইজৰাইল ভ্ৰমণ কৰিছিল ।

বুধবাৰে ইজৰাইলৰ ৰাজধানী টেল আভিভৰ বেন গুৰিয়ান বিমানবন্দৰত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । ব্যক্তিগতভাৱে মোদীক আদৰিবলৈ বিমানবন্দৰলৈ যাব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু তেওঁৰ পত্নী ছাৰা । প্ৰধানমন্ত্ৰী মোদীৰ এয়া দ্বিতীয়টো ইজৰাইল ভ্ৰমণ ।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু নেতানিয়াহুৱে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু দুয়োখন দেশৰ সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব । এই ভ্ৰমণৰ লক্ষ্য হৈছে কৌশলগত আৰু প্ৰতিৰক্ষা অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰা, এআই, চাইবাৰ সুৰক্ষা আৰু কোৱাণ্টাম প্ৰযুক্তিৰ দৰে নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা আৰু দুয়োখন দেশৰ মাজত নিৰাপত্তা আৰু অৰ্থনৈতিক অংশীদাৰিত্ব আগুৱাই নিয়া ।

বুধবাৰে ইজৰাইলৰ সংসদ নেচেটত ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে । ইজৰাইলৰ বিৰোধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ বৰ্জন কৰাৰ হুংকাৰ দিছে, যাৰ উত্তৰত অধ্যক্ষ আমিৰ ওহানাই নেচেটত খালী হৈ থকা আসনসমূহ প্ৰাক্তন সাংসদৰে পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে । সন্ধিয়া তেওঁ ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব । নেতানিয়াহুৱে প্ৰধানমন্ত্ৰী মোদীৰ বাবে নৈশ ভোজৰো আয়োজন কৰিছে ।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে ২৬ ফেব্ৰুৱাৰীত হ’ল’কাষ্ট স্মাৰক পৰিদৰ্শন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । ইজৰাইলৰ ৰাষ্ট্ৰপতি হাৰ্জোগকো সাক্ষাৎ কৰিব তেওঁ ।

মোদীৰ ভ্ৰমণত ভাৰত আৰু ইজৰাইলৰ মাজত প্ৰতিৰক্ষা সহযোগিতা, বাণিজ্য, প্ৰযুক্তি আৰু নিৰাপত্তা চুক্তিসমূহ উন্নীতকৰণৰ ওপৰত আলোচনা কৰা হ’ব । এই ভ্ৰমণৰ সময়ত নিৰাপত্তা আৰু প্ৰতিৰক্ষা সহযোগিতাৰ বুজাবুজি চুক্তিও স্বাক্ষৰিত হ’ব পাৰে ।

উল্লেখ্য যে ভাৰত-ইজৰাইলৰ সম্পৰ্ক অতি শক্তিশালী আৰু কৌশলগত । ১৯৯২ চনত দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপন কৰা হয় । তেতিয়াৰ পৰা বাণিজ্য, প্ৰতিৰক্ষা, প্ৰযুক্তি, কৃষি আদি ক্ষেত্ৰত সহযোগিতা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে । ইজৰাইল ভাৰতৰ প্ৰধান প্ৰতিৰক্ষা অংশীদাৰ আৰু দুয়োখন দেশৰ মাজত বাণিজ্যৰ মূল্য কেইবা কোটি ডলাৰ ।

লগতে পঢ়ক : এতিয়াৰে পৰা ‘কেৰালাম’ নামেৰে জনা যাব কেৰালাক, মোদী কেবিনেটৰ সিদ্ধান্ত

শেহতীয়া প্ৰৱন্ধসমূহ