নতুন ৰাজনৈতিক জীৱনৰ বহুত বহুত শুভেচ্ছাঃ ভূপেন বৰাক বিজেপিলে আদৰণি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নতুন ৰাজনৈতিক জীৱনৰ বহুত বহুত শুভেচ্ছাঃ ভূপেন বৰাক বিজেপিলে আদৰণি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক বিজেপিত আদৰণি জনাই । কংগ্ৰেছত ভেটিত কঁপনি তুলি দেওবাৰে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাক বিজেপিত আদৰণি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক বিজেপিত আদৰণি জনাই ।

কংগ্ৰেছত ভেটিত কঁপনি তুলি দেওবাৰে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাক বিজেপিত আদৰণি জনাই কয় যে আজিৰ পৰা বৰাই এক নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিব ।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভূপেন বৰাৰ অভিজ্ঞতাক স্বীকাৰ কৰি কয় যে তেওঁ কংগ্ৰেছ দললৈ বহু অৱদান আগবঢ়াইছে । তেওঁ কয়, “ভূপেন কুমাৰ বৰাই কংগ্ৰেছ দলৰ বাবে বহুত অৱদান আগবঢ়াইছে । তেওঁ ৩২ বছৰ ধৰি কংগ্ৰেছ দলত সেৱা আগবঢ়াইছিল । আজিৰ পৰা তেওঁ এক নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিব । মই তেওঁলৈ শুভকামনা জনাইছো ।”

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু বিজেপিৰ সাংসদ বৈজয়ন্ত পাণ্ডাৰ উপস্থিতিত ভূপেন বৰাই আজি বিজেপিত যোগদান কৰে । ইয়াৰ পূৰ্বে মঙলবাৰে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ পিছত বৰাই বিজেপিত যোগদান কৰিব ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ভূপেন কুমাৰ বৰাক তেওঁৰ নতুন ৰাজনৈতিক জীৱনৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ । আজিৰে পৰা তেওঁৰ কংগ্ৰেছৰ পৰিচয় সম্পূৰ্ৰূপে নোহোৱা হ’ল । এতিয়া আমি এগৰাকী গৌৰৱী বিজেপিৰ কাৰ্যকৰ্তা হিচাবে, বিজেপিক শক্তিশালী কৰিবলৈ, অসম মাতৃ আৰু ভাৰত মাতৃৰ সেৱা কৰিবলৈ আমি একেলগে কাম কৰিম ।

লগতে পঢ়ক : গেৰুৱা বসন, গেৰুৱা টুপি পিন্ধি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান ভূপেন বৰাৰ