প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পিছতে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা: মুখ্যমন্ত্ৰী

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পিছতে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা: মুখ্যমন্ত্ৰী

শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে । ১৪ মাৰ্চত বৰাক উপত্যকালৈ প্ৰধানমন্ত্ৰীগৰাকী আহিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত দেখা গৈছে নিৰ্বাচন কেন্দ্ৰীক কুচ-কাৱাজ । নিৰ্বাচনৰ

শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে । ১৪ মাৰ্চত বৰাক উপত্যকালৈ প্ৰধানমন্ত্ৰীগৰাকী আহিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত দেখা গৈছে নিৰ্বাচন কেন্দ্ৰীক কুচ-কাৱাজ । নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও ইতিমধ্যে প্ৰায় প্ৰত্যেকটো দলেই নিজৰ নিজৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ পথত আগবাঢ়িছে । ইয়াৰ মাজতে বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ ৰাজ্যত বিশেষভাৱে চৰ্চা চলিছে ।

শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে । কাছাৰত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্নত ফাকুৱাৰ পূৰ্বে বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা নকৰে বুলি স্পষ্ট কৰি দিয়ে । প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পিছতহে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- হোলীৰ পূৰ্বে প্ৰকাশ নাপায় প্ৰাৰ্থী তালিকা । প্ৰধানমন্ত্ৰী যোৱাৰ পিছতহে প্ৰকাশ ৰা হ’ব ।

১৪ মাৰ্চত বৰাকলৈ আহিব প্ৰধানমন্ত্ৰী-

নিৰ্বাচনৰ পূৰ্বে পুনৰ অসমলা আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ১৪ মাৰ্চত বৰাক উপত্যকালৈ প্ৰধানমন্ত্ৰীগৰাকী আহিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই ভ্ৰমণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিবলৈ দিয়ে তেওঁ । মুখ্যমন্ত্ৰীয়ে কয় যে, এই ভ্ৰমণত পাঁচগ্ৰামৰ পৰা গুৱাহাটীলৈ নিৰ্মাণ হ’বলগা এক্সপ্ৰেছ হাইৱেৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । এই পথটোৱে গুৱাহাটীলৈ যাত্ৰাৰ সময় চাৰে চাৰি ঘন্টা হ্ৰাস কৰাৰ লগতে প্ৰকল্পটোৰ বাবে ভূমি অধিগ্ৰহণকে ধৰি প্ৰায়বোৰ কাম ইতিমধ্যে সমাপ্ত হৈছে বুলিও জানিবলৈ দিয়ে তেওঁ । ইফালে শিলচৰ উৰণ সেতুৰো প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : অৱহেলিত অতীতৰ পৰা দেশৰ কেন্দ্ৰবিন্দুলৈ : বৰাকক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য