প্ৰধানমন্ত্ৰী মোদীয়ে ৰমজান উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে ।
বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰমজান উপলক্ষে ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ কয় যে এই পবিত্ৰ মাহটোৱে সমাজত ঐক্যৰ মনোভাৱ আৰু অধিক শক্তিশালী কৰিব । আজিৰ পৰা মুছলমানসকলৰ পবিত্ৰ মাহ ৰমজান আৰম্ভ হৈছে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ৰমজান মুবাৰক! এই পবিত্ৰ মাহে আমাৰ সমাজত ঐক্যৰ মনোভাৱ আৰু অধিক শক্তিশালী কৰক । সকলোতে শান্তি আৰু সমৃদ্ধি ভৰি পৰক ।”
ইছলামিক চন্দ্ৰ কেলেণ্ডাৰ (হিজৰী)ৰ নৱম মাহ ৰমজান । ইয়াৰ আৰম্ভণি চন্দ্ৰ দেখাৰ পৰা হয় আৰু বিশ্বজুৰি মুছলমানসকলে পালন কৰা ৰোজাৰ সময়ছোৱাৰ আৰম্ভণি হয় । ৰমজানত মছজিদত বিশেষ সন্ধিয়াৰ নামাজ অনুষ্ঠিত হয়, য’ত কোৰআন পাঠ কৰা হয় আৰু ঈদৰ চন্দ্ৰ দৰ্শন নোহোৱালৈকে চলি থাকে ।
প্ৰধানমন্ত্ৰী মোদীয়ে ৰমজান উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি পবিত্ৰ মাহ আৰম্ভ হোৱাৰ লগে লগে সমাজত শান্তি, সমৃদ্ধি আৰু ঐক্যৰ কামনা কৰে ।
বুধবাৰে সন্ধিয়া দেশৰ বহু ঠাইত চন্দ্ৰ দেখা পোৱাৰ পাছত ভাৰতত আজি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় ৰমজান । চন্দ্ৰ দেখা পোৱাৰ পিছত আগন্তুক ৩০ দিনলৈ মুছলমানসকলে ৰোজা পালন কৰিব ।
লগতে পঢ়ক : ‘এআইক যি দিশলৈকে নিয়া হয়, সেয়াই আমাৰ ভৱিষ্যত হ’ব’; প্ৰধানমন্ত্ৰী মোদী









