ঘোষণা হ’ল ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন; অসমৰ ৩ খন আসনক লৈও হ’ব নিৰ্বাচন

ঘোষণা হ’ল ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন; অসমৰ ৩ খন আসনক লৈও হ’ব নিৰ্বাচন

ৰাজ্যসভা নিৰ্বাচন ২০২৬ৰ দিন ঘোষণা কৰা হৈছে। বুধবাৰে নিৰ্বাচন আয়োগে ১০খন ৰাজ্যৰ ৩৭খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে। ভাৰতৰ নিৰ্বাচন আয়োগে ১০খন ৰাজ্যত খালী হ’বলগীয়া ৩৭খন ৰাজ্যসভাৰ আসনৰ বাবে দ্বিবাৰ্ষিকভাৱে ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। ২০২৬ৰ ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে

ৰাজ্যসভা নিৰ্বাচন ২০২৬ৰ দিন ঘোষণা কৰা হৈছে। বুধবাৰে নিৰ্বাচন আয়োগে ১০খন ৰাজ্যৰ ৩৭খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে।

ভাৰতৰ নিৰ্বাচন আয়োগে ১০খন ৰাজ্যত খালী হ’বলগীয়া ৩৭খন ৰাজ্যসভাৰ আসনৰ বাবে দ্বিবাৰ্ষিকভাৱে ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে।

২০২৬ৰ ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। ৰাজ্যসভাৰ ৩৭খন আসনৰ বাবে ভোটদান ১৬ মাৰ্চত হোৱাৰ লগতে সেইদিনাই ঘোষণা কৰা হ’ব ফলাফলো।

উল্লেখ্য যে, মহাৰাষ্ট্ৰ, ওড়িশা, তেলেংগানা, তামিলনাডু, ছত্তীশগড়, পশ্চিম বংগ, অসম, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু বিহাৰৰ খালী ৰাজ্যসভাৰ আসনসমূহৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

অসমৰ তিনিখন আসনৰ বাবেও হ’ব নিৰ্বাচন। অন্ত পৰিব ভূৱনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা, ৰামেশ্বৰ তেলীৰ কাৰ্যকাল।

১৬ মাৰ্চত পুৱা ৯বজাৰ পৰা আবেলি ৪বজালৈ অনুষ্ঠিত হ’ব নিৰ্বাচন। ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে ২৬ ফেব্ৰুৱাৰীত জাৰি কৰা হ’ব নিৰ্বাচনী অধিসূচনা। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৫ মাৰ্চ ২০২৬।

লগতে পঢ়ক: বাংলাদেশৰ একাদশ প্ৰধানমন্ত্ৰীৰূপে শপত তাৰিক ৰহমানৰ, ২৫ জনীয়া মন্ত্ৰীসভাত এখন হিন্দু মুখ