‘অহা ৫ বছৰৰ ভিতৰত কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰতে আজান দিব’; মুখ্যমন্ত্ৰী

‘অহা ৫ বছৰৰ ভিতৰত কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰতে আজান দিব’; মুখ্যমন্ত্ৰী

ভূপেন বৰাই পদত্যাগ কৰাৰ পিছতে কংগ্ৰেছ দলক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অহা ৫ বছৰৰ ভিতৰত কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰতে আজান দিব বুলিও তেওঁ কৈছে। সোমবাৰে ভূপেন বৰাই পদত্যাগ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে

ভূপেন বৰাই পদত্যাগ কৰাৰ পিছতে কংগ্ৰেছ দলক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অহা ৫ বছৰৰ ভিতৰত কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰতে আজান দিব বুলিও তেওঁ কৈছে।

সোমবাৰে ভূপেন বৰাই পদত্যাগ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘ভূপেন বৰাৰ পদত্যাগক লৈ মই আচৰিত নহয়।

কাৰণ কংগ্ৰেছত এতিয়া হিন্দুৰ স্থান নোহোৱা হৈছে। অসম প্ৰদেশ কংগ্ৰেছত এতিয়া হিন্দু আৰু সাধাৰণ ঘৰৰ পৰা ল’ৰা থকাৰ পৰিৱেশ একেবাৰে নাই।

যিদিনা ভূপেন বৰাক অপসাৰণ কৰা হৈছিল সিদিনাই মই কৈছিলো। সাধাৰণ ঘৰৰ ল’ৰাই কংগ্ৰেছ দলত নেতৃত্ব ল’ব নোৱাৰে।নিজৰ ধৰ্মক সন্মান আৰু মৰম কৰা মানুহে কংগ্ৰেছত থাকিব নোৱাৰে।   

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, কংগ্ৰেছত থাকিবলৈ দুটা চৰ্ত থাকিব লাগিব। হয় তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ হ’ব লাগিব নহ’লে ধৰ্ম সংখ্যালঘু হ’ব লাগিব।

মই আগতেই জানিছিলো যে ভূপেন বৰাই পদত্যাগ কৰিবই লাগিব।আৰু মোৰ দ্বিতীয় ভৱিষ্যদ্বাণীটো হৈছে ২০২৯ৰ নিৰ্বাচনৰ পূৰ্বে প্রদ্যুৎ বৰদলৈও কংগ্ৰেছ এৰিব লাগিব।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ৰকিবুল হুছেইনে কংগ্ৰেছ দলক গ্ৰাস কৰি লৈছে।গৌৰৱ গগৈয়ে অহাবাৰ যোৰহাট নহয়, নগাঁৱৰ পৰা লোকসভা নিৰ্বাচন খেলিব। গতিকে গৌৰৱ গগৈক ৰকিবুল হুছেইনক প্ৰয়োজন হ’ব।

সেইবাবে গড় হত্যাৰ অভিযোগৰ পিছতো গৌৰৱ গগৈয়ে ৰকিবুলক মাজুলীলৈ লৈ গৈছিল।কংগ্ৰেছ দলটো এতিয়া ৰকিবুল হুছেইনকে ধৰি একাংশ সংখ্যালঘু নেতাৰ কথাত উঠাবহা কৰে। আপোনাকোলে লিখি ৰাখক , অহা ৫ বছৰৰ ভিতৰত কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰতে আজান দিব।

ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কাইলৈ মই ভূপেন বৰাৰ বাসগৃহলৈ গৈ তেওঁক সাক্ষাৎ কৰিম।তেওঁৰ পৰৱৰ্তী ৰাজনৈতিক সিদ্ধান্ত সন্দৰ্ভত খবৰ ল’ম।

অৱশ্যে বৰ্তমানলৈকে তেওঁ বিজেপিৰ সৈতে কোনো যোগাযোগ কৰা নাই। কিন্তু ভূপেন বৰাৰ বাবে বিজেপিৰ দুৱাৰ সদায় খোলা আছে।

আনকি তেওঁ বিজেপিত যোগদান কৰিলে  বিজেপিৰ পৰা ভূপেন বৰাক বিধায়ক বনোৱাৰো চেষ্টা কৰা হ’ব। অৱশ্যে ভূপেন বৰাই বিজেপিত যোগদান নকৰিলেও আমি তেওঁক শুভেচ্ছা জনাম।

লগতে পঢ়ক: “কংগ্ৰেছত এতিয়া স্বেচ্ছাচাৰী শাসন চলিছে”; দল এৰাৰ পিছতে ভূপেন বৰাৰ প্ৰতিক্ৰিয়া…