বিএনপিৰ জয়ৰ বাবে মমতা বেনাৰ্জীয়ে জনালে অভিনন্দন; তাৰিক ৰহমানলৈ ফুল আৰু মিঠাই প্ৰেৰণ

বিএনপিৰ জয়ৰ বাবে মমতা বেনাৰ্জীয়ে জনালে অভিনন্দন; তাৰিক ৰহমানলৈ ফুল আৰু মিঠাই প্ৰেৰণ

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বাংলাদেশৰ হ’ব লগীয়া প্ৰধানমন্ত্ৰী তাৰিক ৰহমনাক জয়ৰ বাবে শুভেচ্ছা জনাইছে। তাৰিক ৰহমানক ভাতৃ বুলি কৈ শ্বেয়াৰ কৰিছে এটা বিশেষ পোষ্ট। বাংলাদেশৰ নিৰ্বাচনত তাৰিক ৰহমানৰ দল বাংলাদেশ জাতীয়তাবাদী পাৰ্টিয়ে ঐতিহাসিক জয় লাভ কৰিছে।১৭ ফেব্ৰুৱাৰীত তেওঁ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব,যাৰ বাবে

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বাংলাদেশৰ হ’ব লগীয়া প্ৰধানমন্ত্ৰী তাৰিক ৰহমনাক জয়ৰ বাবে শুভেচ্ছা জনাইছে। তাৰিক ৰহমানক ভাতৃ বুলি কৈ শ্বেয়াৰ কৰিছে এটা বিশেষ পোষ্ট।

বাংলাদেশৰ নিৰ্বাচনত তাৰিক ৰহমানৰ দল বাংলাদেশ জাতীয়তাবাদী পাৰ্টিয়ে ঐতিহাসিক জয় লাভ কৰিছে।১৭ ফেব্ৰুৱাৰীত তেওঁ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব,যাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰপতিলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে।

ইফালে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তাৰিক ৰহমানক ফুল আৰু মিঠাই প্ৰেৰণ কৰি জয়ৰ বাবে অভিনন্দন জনাইছে।

মমতা বেনাৰ্জীৰ এই পদক্ষেপ কেৱল নিৰ্বাচনী জয়ৰ অভিনন্দন জনোৱাই নহয়,ইয়াৰ উপৰিও দুয়োখন দেশৰ সাংস্কৃতিক আৰু ভৌগোলিক সান্নিধ্য শক্তিশালী কৰাৰ প্ৰচেষ্টাও প্ৰকাশ কৰে।

বিএনপিৰ অধ্যক্ষৰ ৰাজনৈতিক কাৰ্যালয়ে জনোৱা মতে, শনিবাৰে বিএনপিৰ অধ্যক্ষৰ ৰাজনৈতিক কাৰ্যালয়ত বিএনপিৰ মিডিয়া চেলৰ সদস্য আতিউৰ ৰহমান ৰুমানে  মমতা বেনাৰ্জীয়ে প্ৰেৰণ কৰা ফুলৰ থোপা আৰু মিঠাই লাভ কৰে।

ইয়াৰ পূৰ্বে শুকুৰবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তাৰিক ৰহমানক ‘তাৰিক ভাই’ বুলি অভিহিত কৰি নিৰ্বাচনত জয়ী হোৱাৰ বাবে অভিনন্দন জনালে।

তেওঁ এক্সত লিখিছে যে, “মোৰ সকলো ভাই-ভনী আৰু বাংলাদেশবাসীলৈ আন্তৰিক অভিনন্দন।সকলোলৈ আগতিয়াকৈ ৰমজান মুবাৰক।মোৰ তাৰিক ভাই, তেওঁৰ দল আৰু সকলো দলকে এই মহান জয়ৰ বাবে অভিনন্দন।’

লগতে পঢ়ক: ১৭ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব তাৰিক ৰহমানে; ভাৰত-পাকিস্তানকে ধৰি ১৩খন দেশক নিমন্ত্ৰণ

শেহতীয়া প্ৰৱন্ধসমূহ