বিজয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সাজু ভাৰত; মূল একাদশত হ’ব দুটাকৈ আচৰিত পৰিৱৰ্তন!

বিজয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সাজু ভাৰত; মূল একাদশত হ’ব দুটাকৈ আচৰিত পৰিৱৰ্তন!

প্ৰথমখন মেচত আমেৰিকাক পৰাস্ত কৰাৰ পিছত ভাৰতৰ আত্মবিশ্বাস তুংগত আছে যদিও দ্বিতীয়খন মেচৰ পূৰ্বে মূল একাদশ সন্দৰ্ভত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে । টি-২০ বিশ্বকাপৰ বিজয়ী আৰম্ভণিৰ পিছত টিম ইণ্ডিয়াৰ পৰৱৰ্তী মেচ বৃহস্পতিবাৰে নামিবিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । প্ৰথমখন মেচত আমেৰিকাক পৰাস্ত কৰাৰ পিছত ভাৰতীয় দলটোৱে

প্ৰথমখন মেচত আমেৰিকাক পৰাস্ত কৰাৰ পিছত ভাৰতৰ আত্মবিশ্বাস তুংগত আছে যদিও দ্বিতীয়খন মেচৰ পূৰ্বে মূল একাদশ সন্দৰ্ভত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে ।

টি-২০ বিশ্বকাপৰ বিজয়ী আৰম্ভণিৰ পিছত টিম ইণ্ডিয়াৰ পৰৱৰ্তী মেচ বৃহস্পতিবাৰে নামিবিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । প্ৰথমখন মেচত আমেৰিকাক পৰাস্ত কৰাৰ পিছত ভাৰতীয় দলটোৱে আত্মবিশ্বাস তুংগত আছে যদিও দ্বিতীয়খন মেচৰ পূৰ্বে মূল একাদশ সন্দৰ্ভত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে । ফিটনেছ সম্পৰ্কীয় উদ্বেগে দল পৰিচালনাক শেষ মুহূৰ্তলৈকে অপেক্ষা কৰিবলৈ বাধ্য কৰিব পাৰে ।

অভিষেক শৰ্মাৰ ফিটনেছৰ সিদ্ধান্ত বাকী-

বিস্ফোৰক অ’পেনাৰ অভিষেক শৰ্মা সম্পূৰ্ণ ফিট হৈ উঠা নাই । দলৰ সহায়ক কৰ্মচাৰীয়ে তেওঁৰ অৱস্থা নিৰীক্ষণ কৰি আছে আৰু তেওঁ খেলিব নে নাই সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত মেচৰ পূৰ্বে লোৱা হ’ব । যদি অভিষেক উপলব্ধ নহয় তেন্তে সঞ্জু চেমচনৰ কথা বিবেচনা কৰা হ’ব পাৰে । চেমছনে বেটিং আৰু উইকেটকিপিং দুয়োটা সুবিধা প্ৰদান কৰে, যিয়ে দলৰ সংমিশ্ৰণত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব পাৰে ।

ঈশান কিষণক লৈয়ো সন্দেহ-

নেট প্ৰেকটিছৰ সময়ত ঈশান কিষণে ভৰিত আঘাতপ্ৰাপ্ত হয় । যশপ্ৰীত বুমৰাহৰ বলিঙত আঘাতপ্ৰাপ্ত হয় তেওঁ । আঘাতৰ পিছত ঈশানক কিছু সময় অস্বস্তিবোধ কৰা যেন দেখা গ’ল আৰু ফিজিঅ’ই খেলপথাৰত হস্তক্ষেপ কৰিবলগীয়া হয় । যদিও পিছত তেওঁক পুনৰ অনুশীলন কৰা দেখা গৈছিল, তথাপিও তেওঁৰ মেচ ফিটনেছৰ সন্দৰ্ভত সম্পূৰ্ণ স্পষ্টতা নাই । যদি ঈশানো বাহিৰ হয় তেন্তে ওপেনিং যুটীৰ পৰিৱৰ্তন অনিবাৰ্য বুলি বিবেচিত হ’ব ।

জিৰণি ল’ব পাৰে বুমৰাহে-

ইফালে যশপ্ৰীত বুমৰাহক কেন্দ্ৰ কৰিও আন এক চৰ্চা চলিছে । দলে তেওঁক ৱৰ্কলোড মেনেজমেণ্টৰ অংশ হিচাপে জিৰণি দিব পাৰে বুলি বাতৰি প্ৰকাশ পাইছে । শেষৰখন খেলত মহম্মদ চিৰাজ আৰু অৰ্শদীপ সিঙে শক্তিশালী বলিঙেৰে দলটোক যথেষ্ট সকাহ প্ৰদান কৰে । গতিকে পৰৱৰ্তী ডাঙৰ মেচখনৰ পূৰ্বে বুমৰাহক সতেজ কৰি ৰখাৰ কৌশল গ্ৰহণ কৰিব পাৰে মেনেজমেন্টে ।

ইনিংছ মুকলি কৰিব নেকি সুন্দৰে ?

যদি শীৰ্ষ ক্ৰমৰ দুজন খেলুৱৈ উপলব্ধ নহয় তেন্তে দল পৰিচালনা সমিতিয়ে নতুন পৰিকল্পনা ৰচনা কৰিব লাগিব । ৱাশ্বিংটন সুন্দৰকো ইনিংছ মুকলিৰ বাবে বিবেচনা কৰা হৈছে বুলি কিছু ইংগিত পোৱা গৈছে । অৱশ্যে টছৰ পূৰ্বেহে চূড়ান্ত সিদ্ধান্ত স্পষ্ট হ’ব ।

ভাৰতৰ বাবে এই মেচখন কেৱল আন এখন প্ৰতিদ্বন্দ্বিতা নহয়, পইণ্ট টেবুলত নিজৰ স্থান দৃঢ় কৰাৰ এক সুযোগ । গতিকে নিৰ্বাচনত ভাৰসাম্য আৰু ফিটনেছ দুয়োটাকে অগ্ৰাধিকাৰ দিয়া হ’ব ।

ভাৰতীয় দলৰ সাম্ভাব্য মূল একাদশ –

সঞ্জু চেমচন, ঈশান কিষাণ/ৱাশ্বিংটন সুন্দৰ, তিলক বাৰ্মা, সূৰ্যকুমাৰ যাদৱ, শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং ।

লগতে পঢ়ক : টীম ইণ্ডিয়াত মোক্ষম আঘাত;চিকিৎসালয়ত ভৰ্তি অ’পেনাৰ অভিষেক শৰ্মা