উত্তৰ প্ৰদেশৰ মেৰুটত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। অনলাইন গেম খেলি থকাৰ সময়তেই মহম্মদ কাঈফৰ ৰক্তচাপ ৩০০ অতিক্ৰম কৰি মগজুৰ ৰক্তক্ষৰণ হয় ।
মেৰুটৰ দেহলী গেট থানা এলেকাত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। য’ত অনলাইন গেমিং কৰি থকা অৱস্থাত সন্দেহজনক পৰিস্থিতিত মৃত্যু হয় এজন ২২ বছৰীয়া যুৱকৰ।
পৰিয়ালৰ লোকৰ মতে, গেম খেলি থকা অৱস্থাতেই হঠাতে যুৱকগৰাকীৰ ৰক্তচাপ বাঢ়ি যায়।ইয়াৰ পিছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে।তেওঁৰ মৃত্যুৰ আঁৰৰ কাৰণ মগজুৰ ৰক্তক্ষৰণ অৰ্থাৎ মগজুৰ শিৰা ফাটি যোৱা বুলি জানিব পৰা গৈছে।
নিহত লোকজন খৈৰনগৰ গুলাৰ ৱালিৰ নিবাসী মহম্মদ কাঈফ বুলি জানিব পৰা গৈছে।কোৱা হৈছে যে মহম্মদ কাঈফে দীৰ্ঘদিন ধৰি বেছিভাগ সময় অনলাইন গেমিংতে সময় কটায়।
ঘটনাৰ দিনটোতো তেওঁ কাণত ইয়েৰফোন লৈ মোবাইল ফোনত গেম খেলি আছিল। এই সময়ছোৱাত তেওঁ তীব্ৰ মূৰৰ বিষ আৰু অস্থিৰতাৰ অভিযোগ কৰিছিল। আৰু কিছু সময়ৰ ভিতৰতে সি অচেতন হৈ পৰিল।
লগে লগে পৰিয়ালৰ লোকে তেওঁক স্থানীয় চিকিৎসালয়লৈ লৈ যায়, তাৰ পৰাই মহম্মদ কাঈফৰ অৱস্থা গুৰুতৰ হৈ পৰাত তেওঁক দিল্লীৰ চফদাৰজং হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
তাতে দুদিন চিকিৎসা কৰা হ’ল যদিও চিকিৎসকৰ সকলো চেষ্টাৰ পিছতো মহম্মদ কাঈফৰ জীৱন ৰক্ষা কৰিব পৰা নগ’ল।চিকিৎসকৰ মতে, ভৰ্তি হোৱাৰ সময়ত তেওঁৰ ৰক্তচাপ ৩০০ অতিক্ৰম কৰিছিল, যিটো অতি বিপজ্জনক অৱস্থা বুলি গণ্য কৰা হয়।
পৰিয়ালৰ লোকে কয় যে মহম্মদ কাঈফৰ অনলাইন গেমিঙৰ প্ৰতি থকা আসক্তিৰ বিষয়ে তেওঁলোকে সম্পূৰ্ণৰূপে অৱগত নাছিল।
কিন্তু চুবুৰীয়াৰ মতে কাইফে প্ৰায়ে ঘণ্টাৰ পিছত ঘণ্টা মোবাইলত গেম খেলিছিল। ইয়াৰ পূৰ্বে গাজিয়াবাদৰ তিনিগৰাকী ভগ্নীয়েও গেমিং আসক্তিৰ বাবে আত্মহত্যা কৰিছিল।
লগতে পঢ়ক: এপষ্টেইন ফাইলছত নাম সাঙোৰ খাইছে দালাই লামাৰ; প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া









