কেনেকৈ বিশ্বকাপৰ দলত স্থান পালে মহম্মদ ছিৰাজে ?  ৰাজহুৱা কৰিলে সেই বিশেষ মূহূৰ্তৰ কথা

কেনেকৈ বিশ্বকাপৰ দলত স্থান পালে মহম্মদ ছিৰাজে ?  ৰাজহুৱা কৰিলে সেই বিশেষ মূহূৰ্তৰ কথা

ভাৰতৰ প্রথমখন মেচৰ ঠিক পূর্বে অসুস্থতাৰ বাবে যশপ্রীত বুমৰাহ মূল একাদশৰ পৰা বাহিৰ হয় যাৰ ফলত মহম্মদ ছিৰাজৰ বাবে প্লেইং এলেভেনত প্রৱেশৰ বাট মুকলি হয় ৷ ভাৰতীয় দলৰ তাৰকা বেগী বলাৰ মহম্মদ ছিৰাজে প্ৰকাশ কৰে যে যেতিয়া তেওঁক টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে দলত যোগদানৰ আহ্বান

ভাৰতৰ প্রথমখন মেচৰ ঠিক পূর্বে অসুস্থতাৰ বাবে যশপ্রীত বুমৰাহ মূল একাদশৰ পৰা বাহিৰ হয় যাৰ ফলত মহম্মদ ছিৰাজৰ বাবে প্লেইং এলেভেনত প্রৱেশৰ বাট মুকলি হয় ৷

ভাৰতীয় দলৰ তাৰকা বেগী বলাৰ মহম্মদ ছিৰাজে প্ৰকাশ কৰে যে যেতিয়া তেওঁক টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে দলত যোগদানৰ আহ্বান জনোৱা হৈছিল, তেতিয়া তেওঁ প্ৰথমে ভাবিছিল যে অধিনায়ক সূৰ্যকুমাৰ যাদৱে ধেমালি কৰিছে । দৰাচলতে হৰ্ষিত ৰানাৰ আঘাতপ্ৰাপ্ত হোৱাৰ পিছত তেওঁৰ স্থানত দলত অন্তৰ্ভুক্ত কৰা হৈছিল ছিৰাজক । প্ৰতিযোগিতা আৰম্ভ হোৱাৰ মাত্ৰ এদিন পূৰ্বে এই সিদ্ধান্ত লোৱা হৈছিল । বিচিচিআইয়ে অভিজ্ঞতাক অগ্ৰাধিকাৰ দি ছিৰাজক দলত অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত লয় যাতে অৰ্শদীপ সিং আৰু যশপ্ৰীত বুমৰাহৰ সৈতে বলিং আক্ৰমণ অধিক শক্তিশালী হয় ।

কিন্তু বিপদ ইয়াতেই শেষ নোৱা নাছিল । ভাৰতৰ প্রথমখন মেচৰ ঠিক পূর্বে অসুস্থতাৰ বাবে যশপ্রীত বুমৰাহ মূল একাদশৰ পৰা বাহিৰ হয় যাৰ ফলত মহম্মদ ছিৰাজৰ বাবে প্লেইং এলেভেনত প্রৱেশৰ বাট মুকলি হয় ৷ শুকুৰবাৰে সন্ধিয়া ছিৰাজে দলত যোগদান কৰি কোনো ধৰণৰ প্ৰস্তুতি নোহোৱাকৈ পোনে পোনে মেচখনত প্ৰৱেশ কৰে ।

২০২৪ চনৰ জুলাই মাহৰ পিছত ছিৰাজৰ এইখন আছিল প্ৰথম আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ । নতুন বলৰ সৈতে তেওঁ শক্তিশালী বলিং কৰে ।  প্ৰথম অভাৰতে তেওঁ বিধ্বংসী ৰূপ ধাৰণ কৰে । ছিৰাজে ৪ অভাৰত ২৯ ৰানৰ বিনিময়ত ৩ উইকেট দখল কৰে । তেওঁৰ শক্তিশালী বলিঙৰ বাবে চতুৰ্থ অভাৰত ১৩ ৰানত ৩ উইকেট হেৰুৱাই আমেৰিকাই আৰু ইয়াৰ পিছত দলটোৱে পুনৰ মূৰ দাঙি উঠিবলৈ সক্ষম নহ’ল ।

মেচৰ পিছতে এই কথা প্ৰকাশ কৰে ছিৰাজে-

মেচৰ পিছত মহম্মদ ছিৰাজে কয়, “মেচৰ দুদিন পূৰ্বে সূৰ্য ভাইৰ ফোন আহিল । তেওঁ ক’লে, ‘মীয়া, সাজু হোৱা, বেগ পেক কৰা আৰু আহা । মই ক’লোঁ, ‘সূৰ্য ভাই, এতিয়া ধেমালি নকৰিব । আপুনি বহুত ধেমালি কৰে কিন্তু এই বিষয়ত নকৰিব । তাৰ পিছত তেওঁ কয় মই ছিৰিয়াছ । তাৰ পিছত ওজা ভাইৰ ফোন আহিল, তেতিয়াহে মই  এই কথা বিশ্বাস কৰিলোঁ ।”

ছিৰাজৰ আৰম্ভণিৰ মাৰাত্মক বলিং আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ চমৎকাৰ বেটিঙৰ বাবেই ভাৰতে আমেৰিকাক ২৯ ৰাণত পৰাস্ত কৰে যদিও ভাৰতৰ বাবে খেলখন সহজ নাছিল ।

মহম্মদ ছিৰাজে আৰু কয়, “বিশ্বকাপত খেলাটো প্ৰতিজন খেলুৱৈৰ সপোন । ঈশ্বৰে যি লিখিছে সেয়া হ’ব, কিন্তু কঠোৰ পৰিশ্ৰমো অতি প্ৰয়োজনীয় । সততাৰে কাম কৰিলে নিশ্চিতভাৱে ফলাফল পাব ।”

লগতে পঢ়ক : জয়েৰে অভিযান আৰম্ভ ভাৰতৰ : মেচৰ নায়ক এই তিনিগৰাকী খেলুৱৈ…