ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, আমি দুখন মহান ৰাষ্ট্ৰৰ মাজত অন্তৱৰ্তীকালীন বাণিজ্যিক চুক্তিত সন্মতি প্ৰকাশ কৰিছো ।
ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিৰ ৰূপৰেখা প্ৰকাশ কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্টযোগে এই সন্দৰ্ভত আনন্দ প্ৰকাশ কৰে । এই পোষ্টটোত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে যে এই চুক্তিয়ে ভাৰত আৰু আমেৰিকা উভয়কে উপকৃত কৰিব আৰু ভাৰতীয় কৃষক, উদ্যোগী আৰু ষ্টাৰ্টআপক যথেষ্ট উপকৃত কৰিব ।
“গভীৰতা, বিশ্বাস আৰু গতিশীলতা” প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট-
ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “আমি দুখন মহান ৰাষ্ট্ৰৰ মাজত অন্তৱৰ্তীকালীন বাণিজ্যিক চুক্তিত সন্মতি প্ৰকাশ কৰিছো । আমাৰ দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জনাইছো । এই ৰূপৰেখাই আমাৰ অংশীদাৰিত্বৰ গভীৰতা, বিশ্বাস আৰু গতিশীলতাক প্ৰতিফলিত কৰে ।”
চুক্তিয়ে শক্তিশালী কৰিলে মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ পোষ্টত আৰু কয়, “ইয়াৰ দ্বাৰা ভাৰতৰ কঠোৰ পৰিশ্ৰমী কৃষক, উদ্যোগী, এম এছ এম ই, ষ্টাৰ্টআপ উদ্ভাৱক, মাছমৰীয়া আৰু অন্যান্যসকলৰ বাবে নতুন সুযোগ মুকলি কৰি ‘মেক ইন ইণ্ডিয়া’ শক্তিশালী হৈছে । ই মহিলা আৰু যুৱক-যুৱতীসকলৰ বাবে ব্যাপক নিয়োগৰ সৃষ্টি কৰিব । ভাৰত আৰু আমেৰিকাই উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু এই ৰূপৰেখাৰ দ্বাৰা আমাৰ মাজত বিনিয়োগ আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব আৰু অধিক গভীৰ হ’ব ।”
বাণিজ্য চুক্তি সন্দৰ্ভত তথ্য প্ৰদান পীযুষ গোৱেলৰ-
কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে টুইটাৰযোগে বাণিজ্য চুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে, তাৰ পিছত দুয়োখন দেশে এই চুক্তিত অনুমোদন জনাই যৌথ বিবৃতি প্ৰকাশ কৰে । বাণিজ্য চুক্তিৰ ৰূপৰেখাৰ অধীনত আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক ৫০%ৰ পৰা ১৮%লৈ হ্ৰাস কৰিছে । ইয়াৰ ফলত ভাৰতীয় কোম্পানীসমূহে আমেৰিকাত সামগ্ৰী বিক্ৰী কৰা আৰু সহজ হৈ পৰিব, যাৰ ফলত ৰপ্তানি আৰু কৰ্মসংস্থাপন বৃদ্ধি পাব ।
লগতে পঢ়ক : ভাৰতৰ ওপৰত আৰোপ কৰা ২৫ শতাংশ শুল্ক প্ৰত্যাহাৰ আমেৰিকাৰ, কেতিয়াৰ পৰা লাভ কৰিব সকাহ ?









