প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ এক্স হেণ্ডেলত এই ফটোসমূহ শ্বেয়াৰ কৰাৰ লগতে তেওঁক আদৰিবলৈ বিমানবন্দৰলৈ যোৱা ইব্ৰাহিমৰ সৈতে এখন ফটো শ্বেয়াৰ কৰে ।
মালয়েছিয়া ভ্ৰমণসূচীৰে শনিবাৰে কুৱালালামপুৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বিমানবন্দৰত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে তেওঁক আদৰণি জনায় । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ এক্স হেণ্ডেলত এই ফটোসমূহ শ্বেয়াৰ কৰাৰ লগতে তেওঁক আদৰিবলৈ বিমানবন্দৰলৈ যোৱা ইব্ৰাহিমৰ সৈতে এখন ফটো শ্বেয়াৰ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “মই কুৱালালামপুৰত উপস্থিত হৈছো । মোৰ বন্ধু প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে বিমানবন্দৰত মোক যি উষ্ম আদৰণি জনাইছে তাৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ ।”
প্ৰৱাসী ভাৰতীয়ৰ সৈতে কৰিব মত বিনিময়-
দেশখনত থকা প্ৰৱাসী ভাৰতীয়ৰ সৈতেও মত বিনিময় কৰাৰ পৰিকল্পনা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁৰ আগন্তুক যোগাযোগ আৰু দ্বিপাক্ষিক সম্পৰ্কৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লিখিছে, “মই অৰ্থপূৰ্ণ বৈঠক আৰু আলোচনাৰ লগতে ভাৰত আৰু মালয়েছিয়াৰ মাজত বন্ধুত্বৰ বান্ধোন শক্তিশালী কৰাৰ বাবে অবিৰত প্ৰচেষ্টাত আগ্ৰহী ।” প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ সবিশেষ অনুসৰি মালয়েছিয়াত থকা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব তেওঁ ।
কুৱালালামপুৰত বিশেষ অনুষ্ঠান-
প্ৰধানমন্ত্ৰী মোদীয়ে বিমানবন্দৰত আদৰণি জনোৱাৰ পিছত প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ সৈতে একেখন গাড়ীতে থকা ফটো শ্বেয়াৰ কৰে । তেওঁ ফটোখনৰ কেপচনত লিখিছে, “ভাৰত-মালয়েছিয়াৰ জনসাধাৰণৰ সম্পৰ্ক উদযাপন ! প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম আৰু মই কুৱালালামপুৰত অনুষ্ঠিত হোৱা এক সামূহিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ওলাইছো ।”
একেখন গাড়ীতে প্ৰধানমন্ত্ৰী মোদী আৰু আনোৱাৰ ইব্ৰাহিম-
প্ৰধানমন্ত্ৰী মোদী আৰু মালয়েছিয়াৰ সমকক্ষ ইব্ৰাহিমৰ এই ফটোখন প্ৰধানমন্ত্ৰী মোদীৰ গাড়ী কূটনীতিৰ নিদৰ্শন হিচাপে দেখা গৈছে । ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰীগৰাকীক একেখন গাড়ীতে কেইবাজনো ৰাষ্ট্ৰপতি তথা প্ৰধানমন্ত্ৰীৰ সৈতে দেখা গৈছে । ইয়াৰ পূৰ্বে তেওঁ ভাৰত ভ্ৰমণলৈ অহা ভ্লাদিমিৰ পুটিনৰ সৈতে একেধৰণৰ ফটো শ্বেয়াৰ কৰিছিল ।
লগতে পঢ়ক : এতিয়াও ২৫ বছৰ বাকী… জন্মদিনৰ শুভেচ্ছাৰ উত্তৰত কিয় এইদৰে ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে









