বৈভৱ সূৰ্য্যবংশীৰ নতুত ইতিহাস; ৫৫ বলত ধুমুহাময় শতক

বৈভৱ সূৰ্য্যবংশীৰ ৰচিলে নতুন ইতিহাস; ৫৫ বলত ধুমুহাময় শতক

১৩টা ছয়, ১৩টা চাৰি। ৭১টা বলত ১৫০ ৰান সংগ্ৰহ বৈভৱ সূৰ্য্যবংশীৰ । ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ বৈভৱ সূৰ্য্যবংশীৰ দুৰ্দান্ত প্ৰদৰ্শন ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ৰ ব্লকবাষ্টাৰ ফাইনেল শুকুৰবাৰে হাৰাৰেত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ আছে। ভাৰতীয় দলটোৱে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ

১৩টা ছয়, ১৩টা চাৰি। ৭১টা বলত ১৫০ ৰান সংগ্ৰহ বৈভৱ সূৰ্য্যবংশীৰ । ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ বৈভৱ সূৰ্য্যবংশীৰ দুৰ্দান্ত প্ৰদৰ্শন

১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ৰ ব্লকবাষ্টাৰ ফাইনেল শুকুৰবাৰে হাৰাৰেত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ আছে।  ভাৰতীয় দলটোৱে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।

১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ফাইনেলত বিস্ফোৰক বেটিং কৰিছে বৈভৱ সূৰ্যবংশীয়ে।বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ ৫৫টা বলতে শতক সম্পূৰ্ণ কৰে।

ভাৰতীয় দলটোৱে একেৰাহে ষষ্ঠবাৰৰ বাবে ফাইনেল আৰু সামগ্ৰিকভাৱে দশম স্থানত খেলি আছে, যিটো এক অভিলেখ।

পাঁচবাৰৰ খিতাপ বিজয়ী ভাৰতে ছয়বাৰৰ বাবে খিতাপ জয়ৰ ওপৰত চকু ৰাখিছে। ২০০০, ২০০৮, ২০১২, ২০১৮ আৰু ২০২২ চনত ভাৰতীয় দলটোৱে খিতাপ দখল কৰে।

উল্লেখ্য যে, এইবাৰ দ্বিতীয়বাৰ, যেতিয়া খিতাপৰ মেচত ভাৰত আৰু ইংলেণ্ডৰ দলৰ মাজত মুখামুখি হৈছে।ইয়াৰ পূৰ্বে দুয়োটা দলে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ-২০২২ত মুখামুখি হৈছিল।এই বিশ্বকাপত দুয়োটা দল অপৰাজিত হৈ আছে।

লগতে পঢ়ক: দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হ’ল আৰ চি বি; চতুৰ্থবাৰৰ বাবে স্বপ্নভংগ দিল্লী কেপিটেলছৰ