ভাতৃৰ বিবাহেই কাল হ’ল ককায়েকৰ; দুৰ্ঘটনাত পতিত বিবাহযাত্ৰীৰ বাহন

ভাতৃৰ বিবাহেই কাল হ’ল ককায়েকৰ; দুৰ্ঘটনাত পতিত বিবাহযাত্ৰীৰ বাহন

ভাতৃৰ বিবাহ যাত্ৰী বাহনত যাওঁতেই যে জীৱন শেষ হ’ব সেই কথা হয়টো কল্পনাও কৰা নাছিল দুই জ্যেষ্ঠ ভাতৃয়ে। গোৱালপাৰাত দুৰ্ঘটনাত পতিত বিবাহযাত্ৰীৰ বাহন। গোৱালপাৰাৰ আগিয়ৰ বুধিপাৰাত পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বিবাহযাত্ৰী কঢ়িয়াই নিয়া বাছত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ। জানিব পৰা মতে

ভাতৃৰ বিবাহ যাত্ৰী বাহনত যাওঁতেই যে জীৱন শেষ হ’ব সেই কথা হয়টো কল্পনাও কৰা নাছিল দুই জ্যেষ্ঠ ভাতৃয়ে। গোৱালপাৰাত দুৰ্ঘটনাত পতিত বিবাহযাত্ৰীৰ বাহন।

গোৱালপাৰাৰ আগিয়ৰ বুধিপাৰাত পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বিবাহযাত্ৰী কঢ়িয়াই নিয়া বাছত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ।

জানিব পৰা মতে বিয়া শেষ কৰি কইনা লৈ ঘৰলৈ যাবৰ বাবে সাজু হৈছিল বিবাহ যাত্ৰীৰ বাছখন।সেই সময়তে তীব্ৰবেগত অহা ট্ৰাখখনে পাছফালৰ পৰা খুন্দা মাৰে বিবাহ যাত্ৰীৰ বাছখনক।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় দৰাৰ দুই ককায়েক নৰেশ দাস আৰু ৰবি দাস।১৭ নামৰ ৰাষ্ট্ৰীয় ঘাইপথতে পৰি ৰ’ল দুই ককায়েকৰ নিথৰ দেহ।

গোলোকগঞ্জৰ উত্তৰ ৰায়পুৰৰ পৰা গোৱালপাৰাৰ বুধিপাৰালৈ আহিছিল বিবাহযাত্ৰীৰ দলটো। দুৰ্ঘটনাটোত দুজন লোক নিহত হোৱাৰ লগতে বহুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোৰ পিছতে কান্দোনত ভাগি পৰিছে আত্মীয়-স্বজন।      

লগতে পঢ়ক: কঁপাই গ’ল শক্তিশালী ভূমিকম্পই : ৰিখটাৰ স্কেলত প্ৰাবল্য ৫.৯ 

শেহতীয়া প্ৰৱন্ধসমূহ