বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে SIRক লৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । তেওঁ আয়োগক অহংকাৰী আৰু মিছলীয়া আখ্যা দিয়ে ।
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীয়ে SIR বিষয়ক লৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । তেওঁ কয়, “ইমান অহংকাৰী আৰু মিছলীয়া নিৰ্বাচন আয়োগ আমি কেতিয়াও দেখা নাই ।” মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক সাক্ষাৎ কৰাৰ পিছত মমতা বেনাৰ্জীয়ে উল্লেখ কৰে যে বিজেপিৰ নিৰ্দেশত বংগত ভোটাৰ তালিকাৰ পৰা মানুহৰ নাম আঁতৰোৱা হৈছে । এই সময়ত বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লা কাপোৰ পৰিধান কৰি নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক সাক্ষাৎ মমতা বেনাৰ্জীৰ-
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দলীয় প্ৰতিনিধিৰ সৈতে SIR বিষয় সন্দৰ্ভত চি ই চি জ্ঞানেশ কুমাৰৰ সৈতে বৈঠকত মিলিত হয় । বেনাৰ্জীয়ে উল্লেখ কৰে যে বংগৰ জনসাধাৰণে নিৰ্বাচন আয়োগৰ ওচৰলৈ আহি নিজৰ উদ্বেগ প্ৰকাশ কৰিছে, কিন্তু তেওঁলোকক ভাবুকি দিয়া হৈছে । বংগ ভৱন কমপ্লেক্সৰ বাহিৰত আৰক্ষীৰ মোতায়েনক লৈও প্ৰশ্ন উত্থাপন কৰে তেওঁ । অৱশ্যে মমতাই লগতে কয় যে তেওঁ আৰক্ষীক নহয়, শীৰ্ষত থকাসকলকহে এই ক্ষেত্ৰত দোষ দিছে ।
ইমান মিছলীয়া নিৰ্বাচন আয়োগ কেতিয়াও দেখা নাই : মমতা বেনাৰ্জী
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক সাক্ষাৎ কৰাৰ পিছত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, “মই গভীৰ দুখ প্ৰকাশ কৰিছো । মই দিল্লীৰ ৰাজনীতিত বহু দিনৰ পৰা জড়িত হৈ আছো । মই চাৰিবাৰ মন্ত্ৰী আৰু সাতবাৰ সংসদৰ সদস্য হৈছো । ইমান অহংকাৰী আৰু ইমান মিছলীয়া নিৰ্বাচন আয়ুক্ত মই কেতিয়াও দেখা নাই ।”
বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মই তেওঁক (মুখ্য নিৰ্বাচন আয়ুক্তক) কৈছিলো যে মই আপোনাৰ পদক সন্মান কৰো কাৰণ কোনো পদ স্থায়ী নহয় । এদিন আপুনি এদিন এই আসন এৰিবই লাগিব । বংগক কিয় টাৰ্গেট কৰা হৈছে ? নিৰ্বাচন গণতন্ত্ৰত এক উৎসৱ, কিন্তু আপুনি ৫৮ লাখ লোকৰ নাম আঁতৰাই দিলে লগতে তেওঁলোকক নিজকে ৰক্ষা কৰাৰ সুযোগো নিদিলে ।”
৫৮ লাখ লোকৰ নাম আঁতৰোৱা হ’লঃ মুখ্যমন্ত্ৰী মমতা
বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “যদি SIR চলাবই লাগিছিল, তেন্তে নিৰ্বাচনমুখী ৰাজ্য বাদ দি সঠিক পৰিকল্পনাৰে কৰিব লাগিছিল, কিন্তু আপুনি এনে নকৰিলে । অসমত বিজেপি চৰকাৰ আছে । অসমত SIR কৰা হোৱা নাই, কিন্তু পশ্চিম বংগ আৰু তামিলনাডুত কৰিছে । আমাৰ সৈতে আপোনালোকে কি কৰিলে ? ৫৮ লাখ মানুহৰ নাম আঁতৰাই দিলে । ইয়াত বহুত খেলিমেলি হৈছে ।”
লগতে পঢ়ক : ৰাজ্যত পুনৰ হ’ব বিজেপি চৰকাৰ; পুনৰ মুখ্যমন্ত্ৰী হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা ! সমীক্ষাত প্ৰকাশ পালে ডাঙৰ তথ্য…









