এটা সৰু ভুল আৰু জ্বলি উঠিব আমেৰিকাঃ ট্ৰাম্পক চৰম সকীয়নি ইৰাণৰ

এটা সৰু ভুল আৰু জ্বলি উঠিব আমেৰিকাঃ ট্ৰাম্পক চৰম সকীয়নি ইৰাণৰ

আমেৰিকাক সকীয়াই ইৰাণে কয় যে যদি কোনো ভুল হয় তেন্তে কোনো আমেৰিকান নিৰাপদ হৈ নাথাকিব আৰু অঞ্চলটোৰ জুইয়ে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহক আগুৰি ধৰিব । ইৰাণ আৰু আমেৰিকাৰ মাজত উত্তেজনা শীৰ্ষবিন্দুত উপনীত হৈছে । ইৰাণৰ শীৰ্ষ সামৰিক বিষয়াই আমেৰিকাক কঠোৰ সতৰ্কবাণী জাৰি কৰি কয়

আমেৰিকাক সকীয়াই ইৰাণে কয় যে যদি কোনো ভুল হয় তেন্তে কোনো আমেৰিকান নিৰাপদ হৈ নাথাকিব আৰু অঞ্চলটোৰ জুইয়ে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহক আগুৰি ধৰিব ।

ইৰাণ আৰু আমেৰিকাৰ মাজত উত্তেজনা শীৰ্ষবিন্দুত উপনীত হৈছে । ইৰাণৰ শীৰ্ষ সামৰিক বিষয়াই আমেৰিকাক কঠোৰ সতৰ্কবাণী জাৰি কৰি কয় যে যদি কোনো ভুল হয় তেন্তে কোনো আমেৰিকান নিৰাপদ নহয় আৰু অঞ্চলটোৰ জুইয়ে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহক আগুৰি ধৰিব । উত্তেজনা নিৰাময়ৰ বাবে কূটনৈতিক প্ৰচেষ্টা অব্যাহত আছে । খবৰ অনুসৰি অনাগত দিনত দুয়োখন দেশৰ মাজত বৃহৎ আলোচনাৰ সম্ভাৱনা আছে ।

ইৰাণ সেনাৰ মুৰব্বী আব্দ আল ৰহিম মৌছাভিয়ে সোমবাৰে কয় যে, “শত্ৰুৰ সৰু ভুলে আমাক ব্যৱস্থা গ্ৰহণৰ স্বাধীনতা প্ৰদান কৰিব । যেতিয়া বিশ্বই শক্তিশালী ইৰাণৰ বেলেগ দিশ দেখিব, তেতিয়া কোনো আমেৰিকান নিৰাপদ হৈ নাথাকিব । তদুপৰি অঞ্চলটোৰ জুইয়ে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহক আগুৰি ধৰিব ।”

যুদ্ধৰ সূচনা হ’লে আঞ্চলিক প্ৰতিৰোধৰ পুৰুষ-মহিলাই অঞ্চলটোত বাহিৰৰ যিকোনো উপস্থিতি সম্পূৰ্ণৰূপে নিঃশেষ কৰি পেলাব বুলিও তেওঁ কয় । তেওঁ জোৰ দি কয় যে ইৰাণৰ সশস্ত্ৰ বাহিনী যিকোনো আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ সম্পূৰ্ণৰূপে সাজু ।

ইৰাণৰ সমীপত আমেৰিকাৰ নৌসেনাই সামৰিক নিয়োগ বৃদ্ধি কৰাৰ সময়তে ইৰাণ সেনাবাহিনীৰ চীফ অফ ষ্টাফৰ এই বক্তব্য প্ৰকাশ পাইছে । যোৱা সপ্তাহত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৈছিল যে ইৰাণে ৱাশ্বিংটনৰ সৈতে আলোচনাত মিলিত হৈছে । অৱশ্যে ইৰাণৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা লোৱাৰ সম্ভাৱনা ট্ৰাম্পে নুই কৰা নাই ।

লগতে পঢ়ক : ‘আল্লাহে ইচ্ছা কৰিলে…’, ট্ৰাম্পক খামেইনীৰ মুকলি প্ৰত্যাহ্বান, মধ্যপ্ৰাচ্যত আলোড়ন

শেহতীয়া প্ৰৱন্ধসমূহ