এতিয়া ঘৰতে বহি চাব পাৰিব ৰণবীৰ সিঙৰ 'ধুৰন্ধৰ’ ! কেতিয়া আৰু ক’ত চাব পাৰিব জানক সবিশেষ...

এতিয়া ঘৰতে বহি চাব পাৰিব ৰণবীৰ সিঙৰ ‘ধুৰন্ধৰ’ ! কেতিয়া আৰু ক’ত চাব পাৰিব জানক সবিশেষ…

অ’টিটিত ধুমুহা সৃষ্টি কৰিবলৈ সাজু হৈছে ৰণবীৰ সিঙৰ ছবি ধুৰন্ধৰ ।অচিৰেই ডিজিটেল প্লেটফৰ্মত মুক্তি পাব এই ব্লকবাষ্টাৰ ছবিখনে । বক্স অফিচত অভূতপূৰ্ব সফলতা লাভ কৰাৰ পিছত এতিয়া অ’টিটিত ধুমুহা সৃষ্টি কৰিবলৈ সাজু হৈছে ৰণবীৰ সিঙৰ ছবি “ধুৰন্ধৰ” । জানিব পৰা মতে অচিৰেই ডিজিটেল প্লেটফৰ্মত মুক্তি

অ’টিটিত ধুমুহা সৃষ্টি কৰিবলৈ সাজু হৈছে ৰণবীৰ সিঙৰ ছবি ধুৰন্ধৰ ।অচিৰেই ডিজিটেল প্লেটফৰ্মত মুক্তি পাব এই ব্লকবাষ্টাৰ ছবিখনে ।

বক্স অফিচত অভূতপূৰ্ব সফলতা লাভ কৰাৰ পিছত এতিয়া অ’টিটিত ধুমুহা সৃষ্টি কৰিবলৈ সাজু হৈছে ৰণবীৰ সিঙৰ ছবি “ধুৰন্ধৰ” । জানিব পৰা মতে অচিৰেই ডিজিটেল প্লেটফৰ্মত মুক্তি পাব আদিত্য ধৰৰ পৰিচালনাত নিৰ্মিত এই ব্লকবাষ্টাৰ ছবিখনে । ২০২৫ চনৰ ৫ ডিচেম্বৰত ছবিগৃহত মুক্তি পোৱা “ধুৰন্ধৰ” ছবিখনে ভাৰত আৰু বিদেশৰ বক্স অফিচত বিপুল সফলতা লাভ কৰিছিল ।

অ’টিটিত কেতিয়া মুক্তি পাব ধুৰন্ধৰ ?

“ধুৰন্ধৰ” এখন স্পাই একচন থ্ৰিলাৰ ছবি । ইয়াত অভিনয় কৰিছে ৰণবীৰ সিং, অক্ষয় খান্না, সঞ্জয় দত্ত, আৰ মাধৱন আৰু অৰ্জুন ৰামপালে । ভাৰতৰ চোৰাংচোৱা ব্যুৰোৰ মুৰব্বী অজয় ​​সান্যাল (আৰ মাধৱন)ৰ পাকিস্তানৰ পৰা চলি থকা সন্ত্ৰাসবাদী নেটৱৰ্ক ধ্বংস কৰাৰ গোপন অভিযানৰ কাহিনীৰ আধাৰত নিৰ্মিত ছবিখন । খবৰ অনুসৰি এই ছবিখন এতিয়া ৩০ জানুৱাৰীত অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত উপলব্ধ হ’ব । অৱশ্যে “ধুৰন্ধৰ”ৰ অ’টিটিত মুক্তিৰ সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক নিশ্চিতি পোৱা হোৱা নাই ।

লগতে পঢ়ক : বলীউডৰ ‘হি-মেন’ ধৰ্মেন্দ্ৰলৈ পদ্ম বিভূষণ… আৱেগিক হৈ পৰিল হেমা মালিনী