অপাৰেচন সিন্দুৰ, বন্দে মাতৰম… গণৰাজ্য দিৱসত বিশ্বই দেখিলে ভাৰতৰ শক্তি

অপাৰেচন সিন্দুৰ, বন্দে মাতৰম… গণৰাজ্য দিৱসত বিশ্বই দেখিলে ভাৰতৰ শক্তি

কৰ্তব্য পথত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন । প্ৰায় ৯০ মিনিট ধৰি এই পেৰেড চলিছিল আৰু প্ৰতিটো মুহূৰ্ত আছিল অনন্য । ভাৰতে দিল্লীৰ কৰ্তব্য পথত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰে । প্ৰায় ৯০ মিনিট ধৰি এই পেৰেড চলিছিল আৰু প্ৰতিটো মুহূৰ্ত আছিল অনন্য ।

কৰ্তব্য পথত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন । প্ৰায় ৯০ মিনিট ধৰি এই পেৰেড চলিছিল আৰু প্ৰতিটো মুহূৰ্ত আছিল অনন্য ।

ভাৰতে দিল্লীৰ কৰ্তব্য পথত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰে । প্ৰায় ৯০ মিনিট ধৰি এই পেৰেড চলিছিল আৰু প্ৰতিটো মুহূৰ্ত আছিল অনন্য । এই পেৰেডত দেশৰ সামৰিক শক্তি, সাংস্কৃতিক বৈচিত্ৰ্য আৰু অগ্ৰগতি প্ৰদৰ্শন কৰা হয় ।

পেৰেডত গুৰুত্ব : ‘বন্দে মাতৰম’

এইবাৰ এই পেৰেডত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । ইয়াত দুটা ডাঙৰ মন্ত্ৰ আছিল :

স্বাধীনতাৰ মন্ত্ৰঃ বন্দে মাতৰম–  দেশৰ স্বাধীনতা সংগ্ৰাম আৰু সংবিধানৰ মনোভাৱক চিত্ৰিত কৰিছিল ।

সমৃদ্ধিৰ মন্ত্ৰঃ আত্মনিৰ্ভৰ ভাৰত–  থলুৱা অস্ত্ৰ-শস্ত্ৰ, প্ৰযুক্তি আৰু প্ৰগতিৰ কাহিনী ।

পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হোৱা এই পেৰেডত ১০০ গৰাকী শিল্পীয়ে “বিবিধতাত একতা”ৰ ওপৰত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে । চাৰিখন এমআই-১৭ হেলিকপ্টাৰে এই সময়তে কৰ্তব্য পথত পুষ্প বৰ্ষণ কৰে ।

পেৰেডত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে গ্ৰহণ কৰিলে অভিবাদন-

মুখ্য অতিথি, ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েনৰ সৈতে এখন বাগীত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু । এইবাৰৰ গণৰাজ্য দিৱসত প্ৰথমবাৰৰ বাবে দুগৰাকী মুখ্য অতিথি উপস্থিত থাকে । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকক আদৰণি জনায়, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, লগতে উপস্থিত ৰাইজৰ সৈতে বাৰ্তালাপ কৰে ।

অপাৰেচন সিন্দুৰ আছিল পেৰেডৰ মূল আকৰ্ষণ-

২০২৫ চনৰ মে’ মাহত ভাৰতীয় সেনাই পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দুৰ চলাইছিল । ইয়াৰ ভিতৰত আছিল পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ যৌথ আক্ৰমণ, যিটো ত্ৰি-সেৱা (সেনা, নৌসেনা আৰু বায়ুসেনা)ৰ টেবুলত প্ৰদৰ্শিত হৈছিল । পেৰেডত ব্ৰাক্ষ্মছ ছুপাৰছনিক ক্ৰুজ মিছাইল, আকাশ এয়াৰ ডিফেন্স চিষ্টেম, এম আৰ এছ এ এম, আপাচি এ এইচ-৬৪ই হেলিকপ্টাৰ, প্ৰচণ্ড এল চি এইচ, ধনুশ কামান, এ টি এ জি এছ, এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেম আৰু প্ৰথমবাৰৰ বাবে হাইপাৰছনিক গ্লাইড মিছাইলকে ধৰি অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰা হয় । শক্তি ড্ৰোন, গ্লেচিয়াৰ এটিভি, বুলেটপ্ৰুফ কুকুৰ, ৰেপ্টৰ (ঈগল), বেক্টৰিয়ান উটকে ধৰি কেইবাটাও জীৱ-জন্তুও প্ৰদৰ্শিত হয় ।

বায়ুসেনাই গঠন কৰিলে বিশেষ ‘সিন্দুৰ ফৰ্মেশ্যন’

এই ফৰ্মেশ্যনত মুঠ সাতখন যুঁজাৰু বিমান আছিল, য’ত আছিল দুখন ৰাফেল, দুখন চুখয়-৩০, দুখন মিগ-২৯ আৰু এখন জাগুৱাৰ । এই গঠন কেৱল আকাশী নহয়, আৱেগিক আৰু পৰম্পৰাগতও আছিল । ইয়াত ‘অপাৰেচন সিন্দুৰ’ৰ বাৰ্তা প্ৰেৰণ কৰা হৈছিল । ‘প্ৰহৰ ফৰ্মেচন’ত ধ্ৰুৱ হেলিকপ্টাৰে উত্তোলন কৰে ‘অপাৰেচন সিন্দুৰ’ৰ পতাকা । ৰাফেল, জাগুৱাৰ, মিগ-২৯, চুখোই, চি-২৯৫ ট্ৰান্সপৰ্ট, হেলিকপ্টাৰকে ধৰি মুঠ ২৯খন বিমানে ফ্লাইপাষ্ট কৰে ।

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত বিশেষ কি আছিল ?

-এইবাৰ এই পেৰেডত মুঠ ৬,০৬৫ জন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে, য’ত ২,৫০০ জন কলা-কুশলী আৰু ১০,০০০ বিশেষ আমন্ত্ৰিত ব্যক্তিও আছিল ।

-ৰাজপুত ৰেজিমেণ্ট, অসম ৰেজিমেণ্ট, জম্মু-কাশ্মীৰ লাইট ইনফেণ্ট্ৰি, আৰ্টিলাৰী ৰেজিমেণ্ট, আৰু শিখ লাইট ইনফেণ্ট্ৰিকে ধৰি ১৮টা মাৰ্চিং কনটিঞ্জেণ্টে প্ৰদৰ্শন কৰে ।

-প্ৰথমবাৰৰ বাবে অগ্নিপথ বেণ্ডত যোগদান কৰিলে ৯ গৰাকী মহিলা অগ্নিবীৰে । ৭২ জন সদস্যৰে গঠিত বেণ্ডটোৱে “ছাউণ্ড বেৰিয়াৰ” সুৰ বজাইছিল ।

-প্ৰথমবাৰৰ বাবে ১৩টা সামৰিক বেণ্ড আৰু ইউৰোপীয় ইউনিয়নৰ সামৰিক দলে অংশগ্ৰহণ কৰে ।

-সেনাই প্ৰথমবাৰৰ বাবে লাইভ কম্বেট ডিছপ্লে প্ৰদৰ্শন কৰে ।

-ডাবল হাম্পড বেক্টৰিয়ান উট, এডভান্স চাৰ্ভিলেন্স কুকুৰ ইউনিট আৰু ৰেপ্টৰ আদিয়ে প্ৰথমবাৰৰ বাবে পেৰেডত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : গণতন্ত্ৰ দিৱস ২০২৬… আজি কৰ্তব্য পথত বিশ্বই দেখিব ভাৰতৰ শক্তি